কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বজ্ৰপাত পৰি একেলগে ৬ টাকৈ বনৰীয়া ম’হৰ মৃত্য : পশু চিকিৎসক দলৰ দ্বাৰা মৰোনোত্তৰ পৰীক্ষা :
Aiidesh News : 31 July - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাজিৰঙা বনাঞ্চলত ২৯ জুলাইৰ নিশা হোৱা বজ্ৰপাতত ৬ টাকৈ বনৰীয়া ম’হৰ থিতাতে মৃত্যু হয় ৷ এই ঘটনা সংঘৰ্টিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা বনাঞ্চলৰ ম’না বিলত ৷ ২৯ জুলাইৰ নিশা হোৱা বজ্ৰপাতৰ পিচতে পিচদিনা বিয়লি কৰ্মৰত পহৰাদাৰী বনকৰ্মীৰ দলে কাজিৰঙা বনাঞ্চলৰ ম’না বিলৰ পানীত একেলগে ৬ টাকৈ ম’হ মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ঘটনাৰ পিচত আজি পুৱাতেই পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ নেতৃত্বত যোৱা চাৰিজনীয়া পশু চিকিৎসকৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃত ম’হ কেইটাৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ ঘটনাৰ সম্পৰ্কত বিভাগীয় নিৰ্দেশেৰে এখন সমিতিও গঠন কৰি দিয়া হয় ৷ ঘটনাস্থলীতে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী, ডা৹ মোহিত নিউল, বন বিভাগৰ পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই, কঁহৰাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা আৰু বিভাগীয় পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক অভিজিত ছেত্ৰীয়ে বনকৰ্মীৰ সহযোগত মৃত ম’হ কেইটাৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ মৰোনোত্তৰ পৰীক্ষাৰ সময়ত সহকাৰী বন সংৰক্ষক জয়ন্ত দাস, বুবুল বৰুৱা আৰু বনাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈও উপস্থিত থাকে ৷
ঘটনাস্থলীৰ স্থান, পৰিবেশ অধ্যয়ন আৰু মৰোনোত্তৰ পৰীক্ষাৰ শেষত চিকিৎসকৰ দল আৰু ডি এফ অ’ অৰুণ বিঘ্নেশে বজ্ৰপাতৰ ফলতেই ম’হ কেইটাৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবেই মৃত ম’হ কেইটাৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰিছে পশু চিকিৎসকৰ দলটোয়ে ৷ পৰৱৰ্তী সময়ত এই সংগৃহীত নমুনা পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব বুলি ডি এফ অ’ অৰুণ বিঘ্নেশে জনাইছে ৷
**********