কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশলৈ অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা :

কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশলৈ অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা  :
Aiidesh photo

Aiidesh News  : 5 August - 2025  :

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বানপানীৰ সময়ত পথত থকা বন্যপ্ৰাণী সমুহক দুর্ঘটনাক পৰা ৰক্ষা কৰাৰ বাবে আজি লোক কল্যান দিৱসত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক , বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ড° সোণালী ঘোষ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ উপ সঞ্চালক তথা পুৱ অসম বন্য প্ৰাণী সংমণ্ডলৰ বিষয়া, ভাৰতীয় বন সেৱাৰ অৰুণ বিঘ্নেশক অসম চৰকাৰে কৰ্মশ্ৰী বঁটা প্ৰদান কৰিছে ৷ উল্লেখ্য যে এই একে শিতানতে গোলাঘাট জিলাৰ আয়ুক্ত পূলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু জিলা পৰিবহন বিষয়া মন্টু কুমাৰ দাসকো কৰ্মশ্ৰী বঁটা প্ৰদান  কৰিছে ৷

কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে ভাৰতীয় বন সেৱাৰ ২০০০-০৩ বৰ্ষত শীৰ্ষস্থান লাভ কৰি ভাৰতীয় বন সেৱাৰ বিষয়া হিচাবে নিৰ্বাচিত হৈছিল ৷ ড৹ সোনালী ঘোষ বন আৰু বন্যপ্ৰাণী বিজ্ঞানত স্নাতকোত্তৰ হোৱাৰ উপৰিও ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ পৰা পৰিৱেশ আইনত স্নাতকোত্তৰ ডিপ্লোমা আৰু একেখন বিদ্যালয়ৰ পৰাই পুনৰ প্ৰণালী ব্যৱস্থাপনাৰো ডিপ্লোমা লাভ কৰিছিল । তেওঁ ইণ্ডো-ভূটান মানাহ লেণ্ডস্কেপত বাঘৰ বাবে বাসস্থানৰ উপযুক্ততা সম্পৰ্কে ৰিম'ট-চেঞ্চিং প্ৰযুক্তিত ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল ৷

একেদৰে ভাৰতীয় বন সেৱাৰ বিষয়া অৰুণ বিঘ্নেশ ইলেক্ট্ৰনিকচ আৰু কমিউনিকেচনৰ অভিযন্তা, পক্ষী নিৰীক্ষক আৰু এজন বিশিষ্ট ফটোগ্ৰাফাৰো । দুয়ো গৰাকী বিষয়ালৈ অসম চৰকাৰে কৰ্মশ্ৰী বঁটা প্ৰদান কৰাৰ বাবে কাজিৰঙাৰ বিষয়া কৰ্মচাৰী আৰু বনকৰ্মী সকলে দুয়ো গৰাকী বিষয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে৷

************