নৱেম্বৰ পৰ্যন্ত সাৱধানতা--দীপাৱলীলৈকে ভেকচিন ওলোৱাৰ সম্ভাৱনা নাই

নৱেম্বৰ পৰ্যন্ত  সাৱধানতা--দীপাৱলীলৈকে ভেকচিন ওলোৱাৰ সম্ভাৱনা নাই
Image Courtesy : TrailSiteNews

নৱেম্বৰ পৰ্যন্ত নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি চলিব লাগিব৷দীপাৱলীৰ সময়লৈ ভেকচিন ওলোৱাৰ সম্ভাৱনা নাই৷ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷কোনো লোকৰ জ্বৰ,কাহ,ডিঙিৰ বিষ হ’লে কৰিব লাগিব স্বাস্থ্য পৰীক্ষা৷অন্যথা তাৰ বিকল্প নাই৷কিয়নো ভেকচিন নোলোৱা পৰ্যন্ত কোনো লোক সুৰক্ষিত নহয়৷গুৱাহাটীত ধৰা পৰা কভিড ১৯ ৰোগীগৰাকীৰ দেহত ক’ৰ পৰা কেনেকৈ সংক্ৰমিত হ’ল সেয়া স্বাস্থ্য বিভাগৰ বাবে ডাঙৰ চিন্তা হৈ পৰিছে। গুৱাহাটীত ধৰা নপৰাকৈও কোনো লোকৰ দেহত থাকিব পাৰে ক'ৰনা৷যদি সেয়া হয় তেন্তে ভয়ংকৰ হ’ব পৰিস্থিতি৷