কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ বনৰীয়া ম'হ স্থানান্তৰণৰ প্ৰস্তুতি :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ বনৰীয়া  ম'হ স্থানান্তৰণৰ প্ৰস্তুতি :
Aiidesh Photo

 

Aiidesh News : 16 March - 2026 :

অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত চলিত বৰ্ষৰ জানুৱাৰী মাহত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা মধ্যপ্ৰদেশৰ কানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ পুনৰ সংস্থাপনৰ বাবে ৫০ টা এচিয়া প্ৰজাতিৰ বনৰীয়া ম’হ প্ৰেৰণ কৰিব অসমৰ বন বিভাগে । প্ৰথম পৰ্যায়ত ১৫ ম’হ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ম’হ কৰায়ত্ব আৰু স্থানান্তৰিত কাৰ্য ৰূপায়ণ সমিতিৰ সমুহ সদস্যই বনৰীয়া ম'হ স্থানান্তৰিত কৰাৰ কাৰ্যৰ ৰূপায়ণৰ এক অনুশীলন সম্পাদন কৰে কৰে । আজি স্থানীয় পৰ্যবেক্ষকৰ উপস্থিতিত বনৰীয়া ম’হ কৰায়ত্ব কৰাৰ প্ৰক্ৰিয়াৰ লগতে কৰায়ত্ব কৰিবৰ বাবে  চেতনানাশক প্ৰয়োগ প্ৰযুক্তি, জৰুৰীকালীন ব্যৱস্থাপনা আৰু কৰায়ত্ব কৰা ম’হৰ নিয়ন্ত্ৰণ আৰু গাড়ীত উঠোৱা কৰা কাৰ্য পৰীক্ষা আৰু পৰ্যবেক্ষন কৰা হয় । ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ আৰু উপ বন সংৰক্ষকৰ নেতৃত্বত সকলো বনাঞ্চলিক বিষয়াক লৈ কাৰ্য ৰূপায়ণৰ পৃঠক সমিতি গঠন কৰা হৈছে । বনৰীয়া ম’হ কৰায়ত্ব কৰাৰ বাবে চেতনা নাশক প্ৰয়োগ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে বন বিভাগৰ পশু চিকিৎসক সৌৰভ বুঢ়াগোঁহাই আৰু বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা০ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত পশু চিকিৎসকৰ পাচ জনীয়া দল সাজু কৰা হৈছে ।

আজি কৰা অনুশীলনৰ পিচত ১৭ মাৰ্চত বনৰীয়া ম’হ কৰায়ত্ব কৰাৰ বাবে নিৰ্বাচন কৰি চেতনা নাশক প্ৰযুক্তি সাঁজু কৰা হ’ব । যাৰ বাবে পৰ্যটকৰ প্ৰৱেশ বন্ধ ৰখা হ’ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ । ১৮ আৰু ১৯ মাৰ্চত বনাঞ্চলতে বনৰীয়া ম’হ কৰায়ত্ব কৰি অস্থায়ীভাৱে নিৰ্মান কৰা বোমাত আৱদ্ধ কৰি স্বাস্থ্য় পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব । এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিচতেই ২১ মাৰ্চত গাড়ীত উঠাই মধ্য প্ৰদেশৰ কানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হ’ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ । লগত যাব উচ্চ পদস্থ বিষয়া আৰু পশু চিকিৎসকৰ এটা দল । 

উল্লেখ্য যে ভাৰতৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই এচিয়া প্ৰজাতিৰ বনৰীয়া ম'হৰ অন্তিম জনসংখ্যা পোৱা যায় । ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডিব্ৰু চৈখোৱা আৰু মানহ ৰাষ্ট্ৰীয় উদ্যান এসময়ত এই প্ৰজাতিৰ ম'হৰ আদৰ্শ আৱাস আছিল। বন বিভাগৰ শেষতীয়া সমীক্ষা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এচিয়া প্ৰজাতিৰ বনৰীয়া ম'হৰ পৰিসংখ্যা প্ৰায় ১৬৬০ টা মান হ'ব।

**************