নুমলীগড় শোধনাগাৰলৈ গভৰ্নেন্স নাও পি এছ ইউ ২০২৬ বৰ্ষৰ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান :

নুমলীগড় শোধনাগাৰলৈ গভৰ্নেন্স নাও পি এছ ইউ ২০২৬ বৰ্ষৰ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান :
Photo - NRL

Aiidesh News : 14 March - 2026 :

অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপন হোৱা নুমলীগড় শোধনাগাৰ লিমিটেডে  চলিত বৰ্ষৰ ১২ তম গভাৰ্নেন্স নাও পাব্লিক চেক্টৰ আণ্ডাৰটেকিংচ বা পি এছ ইউ এৱাৰ্ড শিতানত দুটাকৈ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । নুমলীগড় শোধনাগাৰ লিমিটেডে অপাৰেচনেল এক্সেলেন্সত উদ্ভাৱন আৰু ক’পৰেট চ’চিয়েল ৰেচপঞ্চিবিলিটি  বা চি এছ আৰ (সামগ্ৰিক) শিতানত এই দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰি দেশৰ ৰাজহুৱা খণ্ডৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।  

১১ মাৰ্চত নতুন দিল্লীত আয়োজিত এক বিশেষ অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমুহৰ অসাধাৰণ অৱদানক সন্মানিত কৰা হৈছিল আৰু এই অনুষ্ঠানতে নুমলীগড় শোধনাগাৰে  প্ৰযুক্তিগত উদ্ভাৱন, দক্ষতা বৃদ্ধি আৰু সহনশীল ব্যৱস্থাপনাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদৰ্শন কৰাৰ লগতে শিক্ষা, স্বাস্থ্য, দক্ষতা বিকাশ আৰু সাংস্কৃতিক সংৰক্ষণৰ দৰে সামাজিক দায়িত্বশীলতাত সংস্থাটোৰ দৃঢ় প্ৰতিশ্ৰুতিও দেখুৱাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । নুমলীগড় শোধানাগাৰ কৰ্তৃপক্ষৰ মতে এই সন্মানে সংস্থাটোৰ কাৰ্যদক্ষতাৰ উৎকৰ্ষতা আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে যাৰ ফলত দেশৰ লগতে অসমবাসীও লাভবান হ’ব। সমাজৰ প্ৰতি বা স্থানীয় জনসাধাৰণৰ উন্নয়নমুলক আৰু কল্যান আঁচনিৰ বাবেই শোধনাগাৰটোয়ে লাভ কৰিছে এই ৰাষ্ট্ৰীয় সন্মান ।

*********