কাজিৰঙাত জন বন চিত্ৰন শীৰ্ষক বন, পৰিৱেশ আৰু বন্যপ্ৰাণী চিত্ৰনৰ তিনিদিনীয়া বিশেষ কৰ্মশালা :

Aiidesh News : 14 December - 2025 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত ১২ ডিচেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসুচীৰে কাজিৰঙাত জন বন চিত্ৰন নামৰ বন্যপ্ৰাণী সংৰক্ষণৰ এক বিশেষ চিত্ৰ কৰ্মশালা অনুষ্ঠিত হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম বাৰৰ বাবে আয়োজিত এই কৰ্মশালাত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক বন্যপ্ৰাণী অংকন আৰু তথ্য সংগ্ৰহৰ উপৰিও চিত্ৰত বন্যপ্ৰাণীটোৰ গুৰুত্ব অংকনৰ লগতে স্থানীয় সংস্কৃতিৰ সৈতে থকা সম্পৰ্ক অংকন কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ ৰিজৰ্টত অনুষ্ঠিত এই চিত্ৰ কৰ্মশালাত ৰাজ্যৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা মুঠ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰিছে । 

কৰ্মশালাৰ প্ৰথম দিনা ১২ ডিচেম্বৰৰ পুৱা কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ নামৰ ৰিজৰ্টৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, উৰিষ্যাৰ চিত্ৰ শিল্পী সুদৰ্শন শ্ব’, বোকাখাতৰ আয়ুস্কৰ চিত্ৰকলা বিদ্যালয়ৰ শ্ৰীমন্ত মাধৱ বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় সমাজ বিজ্ঞানী বিপাঞ্চী তামুলীয়ে অংশগ্ৰহন কৰে । পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত ডি এফ অ’ অৰুণ বিঘ্নেশে আনুষ্ঠানিক ভাৱে কৰ্মশালা উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানৰ পিচত চিত্ৰ শিল্পী সুদৰ্শন শ্বয়ে কৰ্মশালাৰ প্ৰাৰম্ভিক বিৱৰণ দিয়াৰ পিচত কৰ্মশালাৰ কাৰ্যসুচী আৰম্ভ হয় । বিয়লিলৈ কৰ্মশালাত অংশগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা দৰ্শন কৰোৱাৰ লগতে ক্ষেত্ৰ ভিত্তিক অধ্যয়ন, দৃশ্যপটত জৈৱ বৈচিত্ৰৰ তাৎক্ষনিক চিনাক্তকৰণ আৰু বিৱৰণ, কাজিৰঙাৰ সাংস্কৃতিক অৱদান আদিৰ ওপৰত বনাঞ্চলতে আলোচনা কৰা হয় । পৰৱৰ্তী সময়ত চিত্ৰশিল্পী সুদৰ্শন শ্ব নেতৃত্বত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলে বন্যপ্ৰাণী সংৰক্ষণৰ বাৰ্তাৰে চিত্ৰ কৰ্ম অনুশীলন কৰে । 

১৩ ডিচেম্বৰত কৰ্মশালাৰ দ্বিতীয় দিনা পুৱাতেই চিত্ৰ অংকণ আৰু পৰিৱেশ নিৰীক্ষণৰ পিচতেই ৱাইল্ড গ্ৰাছ ৰিজৰ্টৰ প্ৰেক্ষাগৃহত কৰ্মশালাৰ এক বিশেষ বৈঠক অনুষ্ঠিত হয় । কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানত নগাওঁৰ বিশিষ্ট চিত্ৰ শিল্পী প্ৰশান্ত বৰদলৈ, কাজিৰঙাৰ শিল্পী পাপু ঘোষ, বোকাখাতৰ বিজয় তাঁতী, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, আয়ুস্কৰ চিত্ৰকলৈ বিদ্যালয়ৰ সচিব শ্ৰীমন্ত মাধৱ বৰা, বিশ্ব প্ৰকৃতি নিধিৰ ৰাজ্যিক সমন্বয়ক অৰ্চিতা ভট্টচাৰ্য আৰু নীৰজ কাকতী, তিনিচুকীয়াৰ লেখক কবিতা দুৱৰা, শিল্পী সংগীতা দত্ত, ৱাইল্ড গ্ৰাছ ৰিজৰ্টৰ স্বাত্বাধিকাৰ মঞ্জু বৰুৱা,বোকাখাতৰ চিত্ৰ শিল্পী তথা পৰিৱেশকৰ্মী উত্তম শইকীয়া আৰু বিশিষ্ট সাংবাদিক শিৱাশীষ ঠাকুৰক আয়োজক সমিতিৰ হৈ কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশে ফুলাম গামোছা আৰু বন্যপ্ৰাণীৰ তৈল্যচিত্ৰ একোখনেৰে সম্বৰ্ধনা জনায় । সন্ধিয়ালৈ একুৰা জুই কাষত বহি অৰ্চিতা ভট্টচাৰ্য, উত্তম শইকীয়া,নিৰঞ্জন নায়ক আৰু বিপাঞ্চী তামুলীয়ে কৰ্মশালাত অংশগ্ৰহনকৰা ছাত্ৰ ছাত্ৰীৰ লগত বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰৰ লগতে বিভিন্ন লোক কথাত বন্যপ্ৰাণী সম্পৰ্কত বাৰ্তালাপ কৰে । 

আজি কৰ্মশালাৰ অন্তিম দিনা পুৱাতেই পক্ষী নিৰীক্ষণ ছাত্ৰ ছাত্ৰী সকলে বন, বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ বিষয়কলৈ নিজৰ নিজৰ শিল্প কৰ্ম নিৰ্মাণ কৰে । বিয়লি আয়োজিত সমাবৰ্তন সমাৰোহত নিজৰ শিল্প কলাৰ বিৱৰণ আৰু কৰ্মশালাৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰতি গৰাকী অংশগ্ৰহনকাৰীক মানপত্ৰ আৰু একোটাকৈ স্মাৰক প্ৰদান কৰা হয় । সমাৱৰ্ত অনুষ্ঠানত ডি এফ অ’ অৰুণ বিঘ্নেশ, ড০ মৰমী বৰুৱা, উত্তম শইকীয়া আৰু বিপাঞ্চী তামুলী উপস্থিত থাকে ।

***********