জুবিন গাৰ্গৰ নামেৰে অসমত পোৱা নতুন উদ্ভিদৰ নামকৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা বৰ্ণালী দাসৰ :

জুবিন গাৰ্গৰ নামেৰে অসমত পোৱা নতুন উদ্ভিদৰ নামকৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা বৰ্ণালী দাসৰ :
Photo - Barnali Das

Aiidesh News : 14 March - 2026 :

অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষিকা বৰ্ণালী দাস আৰু অধ্যাপিকা নমিতা নাথে এক নতুন প্ৰজাতিৰ উদ্ভিদৰ সন্ধান বিচাৰি উলিয়াইছে। অসমত সন্ধান পোৱা   এই নতুন প্ৰজাতিৰ উদ্ভিদৰ নামকৰণ কৰা হৈছে অসমৰ বিখ্যাত কন্ঠশিল্পী নতুন প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামেৰে এই নতুন উদ্ভিদৰ নাম অছবেকিয়া জুবিনগাৰ্গিয়ানা ৰখা হৈছে । উদ্ভিদ বিজ্ঞানৰ জগত খনৰ পৰা প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ এইয়া যেন এক বিৰল শ্ৰদ্ধাঞ্জলি । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষিকা বৰ্ণালী দাস আৰু অধ্যাপিকা নমিতা নাথে কেৰালাৰ এন এছ এছ মহাবিদ্যালয়ৰ ড০ প্ৰশৱ পুলপ্ৰাৰ সহযোগত অছবেকিয়া জুবিনগাৰ্গিয়ানা নামৰ এই প্ৰজাতিটোৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন আলোচনী ফাইটোটেক্সাত প্ৰকাশ কৰিছে । এই নতুন উদ্ভিদ প্ৰজাতিবিধ ফুটুকলা গোত্ৰৰ (Melastomataceae) অন্তৰ্গত । বিশ্বৰ বিভিন্ন ঠাইত বিস্তৃত এই গোত্ৰৰ উদ্ভিদসমূহৰ ফুলসমূহ দেখিবলৈ অতি আকৰ্ষণীয় ৷ গৱেষিকাৰ মতে, এই নতুন প্ৰজাতিৰ উদ্ভিদ অচবেকিয়া ৰ’চট্ৰাটা প্ৰজাতিৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত, কিন্তু ইয়াৰ পাতৰ গাঁঠনি, ফুলৰ বিন্যাস, চুপহিৰ আকাৰ আৰু বীজৰ আকাৰ আদিৰ ৰূপগত বৈশিষ্ট্য পৃথক। এই প্ৰজাতিৰ উদ্ভিদ সচৰাচৰ ৩.৫ মিটাৰ উচ্চতালৈ বৃদ্ধি পায় আৰু গুলাপী ৰঙৰ ফুল দিয়ে। গৱেষিকা বৰ্ণালী দাসৰ এই উদ্ভাৱনে জনপ্ৰিয় গীত সমুহৰ লগতে জুবিন গাৰ্গকো অমৰ কৰি ৰাখিব । 

***********