বোকাখাত সমজিলাৰ ৰজাবাৰীত বৰকাছ উদ্ধাৰ :
Aiidesh News : 17 March - 2026 :
বোকাখাত সমজিলাৰ ৰজাবাৰীৰ অপূৰ্ব বৰঠাকুৰৰ মাছ পোহা পুখুৰীৰ পৰা আজি এটা দুষ্প্রাপ্য বৰকাছ উদ্ধাৰ হয় । পুখৰীত মাছ ধৰিবলৈ ব্যৱহাৰ কৰা জালত এই কাছটো আৱদ্ধ হয় । বৰ কাছটো উদ্ধাৰ হোৱাৰ পিচত নাতি দুৰত থকা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলিক কাৰ্যালয়ৰ মৰিয়াহোলাত বন শিৱিৰত খবৰ দিয়াত বন শিৱিৰটোৰ বনৰক্ষী ৰোহন গগৈৰ নেতৃত্বত যোৱা উদ্ধাৰকাৰী দলে কাছটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত বৰ কাছটো কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ জলাশয়ত মুকলি কৰি দিয়া হয়। উল্লেখ্য যে বিলুপ্ত প্ৰায় বৰ কাছ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ প্ৰথম অনুসুচীভুক্ত প্ৰাণী আৰু ইয়াৰ সংৰক্ষণৰ গুৰুত্ব অতি বেছি।
*********







