অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ আসনত বোকাখাতৰ সুসন্তান ড০ দীপজ্যোতি ৰাজখোৱা :

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ আসনত বোকাখাতৰ সুসন্তান ড০ দীপজ্যোতি ৰাজখোৱা  :
Aiidesh Photo
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ আসনত বোকাখাতৰ সুসন্তান ড০ দীপজ্যোতি ৰাজখোৱা  :

Aiidesh News : 13 March - 2026 :

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপচাৰ্য্যৰ আসনত নিযুক্তি লাভ কৰিছে বোকাখাতৰ ড০ দীপজ্যোতি ৰাজখোৱাই । অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (উত্তৰ পুৰ্বাঞ্চলৰ) ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক , কৃষি বিজ্ঞানী বোকাখাতৰ ড০ দীপজ্যোতি ৰাজখোৱাক অসমৰ ৰাজ্যপালে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰূপে নিযুক্তি প্ৰদান কৰিছে । ড০ দীপজ্যোতি ৰাজখোৱা বোকাখাতৰ লখৌজান নিৱাসী প্ৰয়াত বগাই ৰাজখোৱা আৰু প্ৰয়াত সুমলা ৰাজখোৱাৰ জেষ্ঠ সন্তান । বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰা ড০ দীপজ্যোতি ৰাজখোৱাই পৰৱৰ্তী সময়ত যোৰহাটৰ জগন্নাথ মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । উক্ত বিশ্ববিদ্যালয়ৰ পৰাই সন্মানীয় ডক্তৰেট ডিগ্ৰীএ লাভ কৰিছিল । পৰৱৰ্তী সময়ত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ নাগালেণ্ড থকা গৱেষণা কেন্দ্ৰৰ পৰা যুটীয়া সঞ্চালক হিচাবে অৱসৰ গ্ৰহন কৰে । ড০ দীপজ্যোতি ৰাজখোৱা দেশৰ জলবায়ু-সহনশীল কৃষি, জল সম্পদ ব্যৱস্থাপনা, পাহাৰীয়া কৃষি পদ্ধতি আৰু জলবায়ু পৰিৱৰ্তন ক্ষেত্ৰখনৰ এজন বিশিষ্ট বিশেষজ্ঞ । ২০২১ চনত হায়দৰাবাদৰ পণ্ডিত জয় শংকৰ তেলাংগনা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত পঞ্চম আন্ত: ৰাষ্ট্ৰীয় শস্যবিজ্ঞান কংগ্ৰেছত ড০ দীপজ্যোতি ৰাজখোৱাক কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ইণ্ডিয়ান চ’চাইটি অৱ এগ্ৰ’নমিয়ে সোনৰ পদক প্ৰদান কৰিছিল ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাবে ড০ দীপজ্যোত ৰাজখোৱাক দিয়া নিযুক্তিয়ে সমগ্ৰ বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে । বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ড০ দীপজ্যোতি ৰাজখোৱাক অভিনন্দন জ্ঞাপন কৰিছে ।