সমাগত বিধানসভা নিৰ্বাচন : সমষ্টিৰ হিতাধিকাৰীৰ মাজত মন্ত্ৰী অতুল বৰা : চাহ শ্ৰমিকৰ ভুমিৰ পট্টা বিতৰণৰ লগতে এলানি কাৰ্যসুচীত অংশগ্ৰহন :

সমাগত বিধানসভা নিৰ্বাচন : সমষ্টিৰ হিতাধিকাৰীৰ মাজত মন্ত্ৰী অতুল বৰা : চাহ শ্ৰমিকৰ ভুমিৰ পট্টা বিতৰণৰ লগতে এলানি কাৰ্যসুচীত অংশগ্ৰহন :
Aiidesh Photo
সমাগত বিধানসভা নিৰ্বাচন : সমষ্টিৰ হিতাধিকাৰীৰ মাজত মন্ত্ৰী অতুল বৰা : চাহ শ্ৰমিকৰ ভুমিৰ পট্টা বিতৰণৰ লগতে এলানি কাৰ্যসুচীত অংশগ্ৰহন :
সমাগত বিধানসভা নিৰ্বাচন : সমষ্টিৰ হিতাধিকাৰীৰ মাজত মন্ত্ৰী অতুল বৰা : চাহ শ্ৰমিকৰ ভুমিৰ পট্টা বিতৰণৰ লগতে এলানি কাৰ্যসুচীত অংশগ্ৰহন :

Aiidesh News : 15 March - 2026 : 

ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন সমাগত । যাৰ পটভুমিত বিভিন্ন ৰাজনৈতিক দলবোৰে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে আৰম্ভ কৰিছে বিভিন্ন কৈশল । শাসনাধীষ্ঠ দলবোৰে ভোটাৰৰ বাবে আগবঢ়াইছে বিভিন্ন হিতাধিকাৰী আৰু জনকল্যান আঁচনি । ১৪ মাৰ্চৰ দিনা ১০৫ নং বিধানসভা সমষ্টিতো কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই  এনে এলানি কাৰ্যসুচীত অংশগ্ৰহন কৰে । মন্ত্ৰী গৰাকীয়ে পুৱাবেলাতেই ভুমি পট্টা বিতৰণৰ কাৰ্যসূচীত  অংশগ্ৰহন কৰি বোকাখাত সমষ্টিৰ বোকাখাত চাহ বাগিচাৰ ক্লাব ঘৰত  ৫১৬ গৰাকী আৰু ৰঙামাটি  চাহ বাগিচাৰ জগন্নাথ সমূহীয়া প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাবে ২১০ গৰাকী শ্ৰমিকক ভূমি বন্দৱস্তিৰ ডিজিটেল  পট্টা বিতৰণ কৰে । ভুমিৰ পট্টা বিতৰণ কৰি মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে যে  দীৰ্ঘদিন শাসনত থকা কংগ্ৰেছ দলটোয়ে যদি চাহ জনগোষ্ঠীৰ সৰ্বংগীন উন্নয়নৰ বাবে যদি আজিৰ চৰকাৰৰ দৰে কাম কৰিলে হেতেন তেন্তে এই জনগোষ্ঠীটো আজি অন্যন্য জনগোষ্ঠীৰ দৰে আগবাঢ়ি গ’ল হেতেন । কংগ্ৰেছে নকৰিলে বাবেই আন জনগোষ্ঠীৰ তুলনাত চাহ জনগোষ্ঠী তুলনামুলক ভাৱে পিচ পৰি ৰ’ল বুলিও মন্তব্য কৰে । আজিৰ দিনটোতে তেওঁ গোলোং টেমেৰাত গেলাবিল নদীত খহনীয়া বিৰোধী ব্যৱস্থা আৰু নদী-পাৰ সুৰক্ষাৰ কাম"ৰ আধাৰশিলা স্থাপন, নুমলীগড়ত শোধনাগাৰৰ সামাজিক দায়বদ্ধ পুঁজিৰ দ্বাৰা নিৰ্মান কৰিবলগীয়া ন পথাৰৰ পৰা নুমলীগড় ব্লক গাওঁলৈ পথ নিৰ্মাণ"ৰ আধাৰশিলা স্থাপন আৰু বিধায়কৰ আনটাইড ফাণ্ডৰ অধীনত ৰজাবাৰী আঞ্চলিক নাট্য মন্দিৰৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে ।  

বিয়লিলৈ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চত হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ আৰু ২৫৬ খন ৰেচন কাৰ্ড বিতৰণ কৰে ।  উল্লেখ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত বোকাখাত সমজিলাত মুঠ ৪০০০ নতুন জনসংখ্যাক আজিৰ পৰা সামৰি লোৱা হৈছে । ইয়াৰে ২৫৬ গৰাকী হিতাধিকাৰীক এই অনুষ্ঠানতে নতুন ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই । একেদৰেই মন্ত্ৰী অতুল বৰাই আজি বোকাখাতৰ ২নং ৱাৰ্ডত গোৰ্খা সামুহিক ভৱন উন্নয়নৰ শিলান্যাস,  বোকাখাতত নুমলীগড়ত শোধনাগাৰৰ সামাজিক দায়বদ্ধ পুঁজিৰ দ্বাৰা নিৰ্মান কৰিব লগা ৰত্ননাথ পথৰ আধাৰশিলা স্থাপন, পুব কাজিৰঙা গাওঁ পঞ্চায়তৰ ডিফ'লু পাথাৰ আহোম গাওঁত গদাধৰ সিংহা সামুহিক ভৱনৰ আধাৰশিলা স্থাপন আৰু  "টাই আহোম মেডাম মে-ফি গৃহৰ নিৰ্মান কাৰ্য শুভাৰম্ভ কৰে ।

এই অনুষ্ঠান সমূহত বোকাখাতৰ সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগেল, গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দেবাহুতি ডেকা, সহকাৰী আয়ুক্ত শুভজিত খাউণ্ড, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী পূৰ্ণিমা দাস, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্ন ঠাইৰ পৰা অহা হিতাধিকাৰী আৰু আমন্ত্ৰিত ব্যক্তি সকল উপস্থিত থাকে ।

********