বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগতো স্বচ্ছতা অভিযানৰ অধীনত এক তাৰিখ এক ঘণ্টা" কাৰ্যসূচীৰ ৰূপায়ন :

বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগতো স্বচ্ছতা অভিযানৰ অধীনত এক তাৰিখ এক ঘণ্টা
Aiidesh Photo
বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগতো স্বচ্ছতা অভিযানৰ অধীনত এক তাৰিখ এক ঘণ্টা

Aiidesh News  : 1 October  2023 : 

সমগ্ৰ দেশৰ লগতে আজি বোকাখাততো মহকুমা প্ৰশাসন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিভিন্ন অনুষ্ঠানে ঘন্টা জোৰা স্বচ্চতা অভিযান চলায় ৷ অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণ কেন্দ্ৰৰ সহযোগতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়ো মহকুমাটোৰ পানবাৰী এলেকাৰ বৰভেটাত এঘন্টাৰ স্বচ্চতাৰ অভিযান চলায় ৷ স্থানীয় লোকৰ সহযোগত আয়োজিত এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষে অংশগ্ৰহন কৰি স্থানীয় লোক সকলক নিজৰ নিজৰ পৰিবেশ আৰু ঘৰৰ চৌহদ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে অনুপ্ৰেৰণা জোগায় ৷  

একেদৰে বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত পৌৰসভাৰ উদ্যোগতো স্বচ্ছতা সেৱাৰ অভিযানৰ অধীনত "এক তাৰিখ এক  ঘণ্টা"  কাৰ্যসূচীৰে ১ অক্টোবৰৰ পুৱা শ্ৰমদান কৰি বোকাখাত নগৰত চাফাই অভিযান চলায় । বোকাখাতৰ অসম ৰাজ্যিক পথ পৰিবহৰ আস্থান প্ৰাংগনৰ পৰা আৰম্ভ হোৱা এই অভিযান অন্ত পৰে  বোকাখাত পৌৰসভা কাৰ্যালয়ৰ প্ৰাঙ্গণত । পুৱা ১০ বজাত আৰম্ভ কৰা চাফাই অভিযানত বোকাখাত মহকুমাৰ মহকুমাধিপতি চিমি কৰণ, বোকাখাতৰ চক্ৰ বিষয়া চম্পক ডেকা, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া পৰীস্মিতা দিহিঙীয়া, পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, উপ-পৌৰপতি, ৱাৰ্ড সদস্য সকল, সহকাৰী আয়ুক্ত সকল আৰু বোকাখাত পৌৰসভা  কার্যালয়ৰ সমূহ  বিষয়া-কৰ্মচাৰীৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । বোকাখাত মহকুমাধিপতি কাৰ্যালয় চৌহদতো কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা এটি চাফাই অভিযান চলোৱা হয় ।

*******