ৰাজ্যৰ বন বিভাগত ৰদ বদল : কাজিৰঙালৈ নতুন বনাঞ্চলিক বিষয়া : ড০ বিভুতি ৰঞ্জন গগৈ, বিবিদ দিহিঙীয়া আৰু বিদ্যুত বিকাশ বৰাৰ সহকাৰী বনসংৰক্ষকলৈ পদোন্নতি :
Aiidesh New : 15 March - 2026 :
দেশৰ কেইবাখন ৰাজ্যৰ লগতে অসমতো হ’ব লগা আগন্তুক বিধানসভা নিৰ্বাচনৰ আচৰন বিধি বলবৎ হোৱাৰ প্ৰাক্ ক্ষণত ৰাজ্যখনৰ বনবিভাগত ব্যাপক ৰদ হদল কৰা হৈছে । পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ যুটিয়া সচিব সমীৰণ বৰাই ১৩ মাৰ্চত স্বাক্ষৰ প্ৰদান কৰা ই চি এফ. নং.৫৫৩০২৬/১৭ নম্বৰৰ এক বিভাগীয় নিৰ্দেশ মতে হোৱা এই ৰদবদল মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বোকাখাত আৰু বুঢ়াপাহাৰ বনাঞ্চলক বাদ দি বাকী আটাইবোৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াক কৰ্মসুত্ৰে বদলি কৰা হৈছে । প্ৰকাশিত এই বিভাগীয় নিৰ্দেশ মতে মাকুমত থকা বনৰক্ষী বিদ্যালয়ৰ বনাঞ্চলিক বিষয়া মৃদুপৱন নাথক পুৱ অসম বন্যপ্ৰণী সংমণ্ডলৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল, কঁহৰালৈ বদলি কৰা হৈছে । এই বনাঞ্চলত কৰ্মৰত ড০ বিভূতিৰঞ্জন গগৈক সহকাৰী বনসংৰক্ষকৰ পদোন্নতিৰে তেজপুৰ বন সংমণ্ডললৈ বদলি কৰা হৈছে । ডিব্ৰুগড় বন সংমণ্ডলত কৰ্মৰত জিজ্ঞাস বৰুৱাক পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত কাজিৰঙাৰ পশ্চিম বনাঞ্চল বাগৰিলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বনাঞ্চলত কৰ্মৰত বিবিদ দিহিঙীয়াক সহকাৰী বন সংৰক্ষকৰ পদোন্নতিৰে ডুমডুমা বন সংমণ্ডলৈ প্ৰেৰণ কৰা হৈছে । একেদৰে হাইলাকান্দি বন্যপ্ৰাণী সংমণ্ডলত কৰ্মৰত মৃগাংক দাসক পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত কাজিৰঙাৰ পুৱ বনাঞ্চল, অগৰাতলিলৈ পঠোৱাৰ বিপৰীতে এই বনাঞ্চলত কৰ্মৰত বিদ্যুত বিকাশ বৰাক সহকাৰী বন সংৰক্ষকৰ পদোন্নতিৰে গোলাঘাট বন সংমণ্ডললৈ পঠোৱা হৈছে ।
ইফালে গুৱাহাটী সামাজিক বনানিকৰণ সংমণ্ডলত কৰ্মৰত প্ৰিয়াংকু ভূঞাক নগাওঁ বন্যপ্ৰণী সংমণ্ডললৈ, যোৰহাট বন সংমণ্ডলত কৰ্মৰত কৌশিক বিকাশক নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ ধনিয়া বনাঞ্চললৈ, কৰিমগঞ্জ বন সংমণ্ডলৰ দ্ৰাবিদা কৃষ্ণাত্ৰেয়াক নগাওঁ বুঢ়াচাপৰি অভয়াৰণ্যলৈ ডেপুটেচনত, লক্ষীমপুৰ বন সংমণ্ডলত কৰ্মৰত নীহাৰিকা গগৈক বিশ্বনাথ বনসংমণ্ডলৰ বিশ্বনাথ ঘাট বনাঞ্চললৈ, ধনশিৰি বন সংমণ্ডলৰ বাৰীণ কুমাৰ বড়োক নগাঁও বন সংমণ্ডলৰ গঢ়াজান বনাঞ্চললৈ কৰ্মসুত্ৰে বদলি কৰা হৈছে ।
উল্লেখ্য যে প্ৰকাশ পোৱা বিভাগীয় নিৰ্দেশ মতে পদোন্নতি পোৱা কাজিৰঙাৰ বনাঞ্চলিক বিষয়া ক্ৰমে ড০ বিভুতি ৰঞ্জন গগৈ, বিবিদ দিহিঙীয়া আৰু বিদ্যুত বিকাশ গগৈয়ে অহা তিনিটা মাহৰ বাবে সহকাৰী বন সংৰক্ষক হিচাবে কাজিৰঙাতে থাকিব লাগিব । তিনিমাহৰ পিচতে উল্লেখিত বন সংমণ্ডলত যোগদান কৰিবগৈ ।
**********







