বোকাখাতত পোষণ মাহৰ বিভিন্ন কাৰ্যসুচী : বাল্য বিবাহৰ বিৰুদ্ধে মহাবিদ্যালয়ত সজাগতা সভা :

বোকাখাতত পোষণ মাহৰ বিভিন্ন কাৰ্যসুচী :  বাল্য বিবাহৰ বিৰুদ্ধে মহাবিদ্যালয়ত সজাগতা সভা :
Photo by Uttam Saikia.
বোকাখাতত পোষণ মাহৰ বিভিন্ন কাৰ্যসুচী :  বাল্য বিবাহৰ বিৰুদ্ধে মহাবিদ্যালয়ত সজাগতা সভা :

প্ৰশাসনৰ উদ্যোগত বোকাখাতত পোষণ মাহৰবিভিন্ন কাৰ্যসুচী :  বাল্য বিবাহৰ বিৰুদ্ধে মহাবিদ্যালয়ত সজাগতা সভা : 

Uttam Saikia : Bokakhat  : 14 September :

চলিত পোষণ মাহৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসন আৰু পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি বোকাখাতত এলানি কাৰ্যসুচী ৰূপায়ন কৰা হয় ৷ এই উপলক্ষে গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি "আয়ুস, যোগভ্যাস আৰু দাঁতৰ স্বাস্থ্য-বিধি" সম্পৰ্কীয় এটি বিশেষ কাৰ্য্যসূচী আজি পুৱা বোকাখাতৰ নাট্যমন্দিৰত অনুষ্ঠিত হয় । কাৰ্য্যসূচীত আশা চুপাৰভাইজাৰ আৰু আশাকৰ্মী সকলক বিশেষভাবে প্ৰশিক্ষণ দিয়া হয় , যাতে তেওঁলোকৰ জৰিয়তে গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা তথা শিশুসকলক পৰৱৰ্তী পৰ্য্যায়ত প্ৰশিক্ষণ দিব পৰা যায় । কাৰ্য্যসূচীত  সমল ব্যক্তি হিচাপে উপস্থিত থাকে বোকাখাত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ দন্ত চিকিৎসক ডা: অৰ্চনা কুমাৰী, আয়ুৰবেদিক চিকিৎসক ডা:  আৰ্ফিনা নিজাম । আয়ুসৰ অধীনৰ যোগ প্ৰশিক্ষক বৰ্ণালী বৰা ।
ইফালে পোষণ অভিযানৰ লগত সংগতি ৰাখি বাল্য বিবাহ  আৰু অবৈধ মানৱ সৰবৰাহ প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত "মোৰো মন যায়" শীৰ্ষক এক কাৰ্য্যসূচী  বোকাখাত  চি. এন. বি মহাবিদ্যালয়ত আয়োজন কৰা হয় ৷ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি সমাজত প্ৰচলিত বাল্য বিবাহ প্ৰতিৰোধৰ যুদ্ধত প্ৰশাসনক সহযোগিতা আগবাঢ়াবলৈ আৰু কোনো ঠাইত বাল্য বিবাহ হ'লে তৎক্ষণিক ভাৱে প্ৰশাসনক অৱগত কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় । ইয়াৰ উপৰিও শিশু শ্ৰমিক আৰু অবৈধ মানৱ সৰবৰাহ প্ৰতিৰোধৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসনক সহযোগ কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায় ৷ লগতে কোনো ঠাইত বাল্য বিবাহ,অবৈধ মানৱ সৰবৰাহ ঘটনা আৰু শিশু শ্ৰমিক দেখা পালে তৎপৰতাৰে ১০৯৮ বা মহকুমা প্ৰশাসনৰ চৰকাৰী ফোন নম্বৰতো যোগাযোগ কৰিবলৈ আহ্বান জনায় ।