বোকাখাতত ফেচেংবৰ হেৰিটেজ বঁটা প্ৰদান অনুষ্ঠান : জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক জনকণ্ঠ বঁটা :

Aiidesh News  : 28 January - 2024  :

বোকাখাতৰ জেষ্ঠ সাংবাদিক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি জিতু শৰ্মা ৰাজখোৱালৈ আগবঢ়োৱা হৈছে জন কণ্ঠ-২০২৩ বঁটা ৷ যোৱা নিশা বোকাখাতত অনুষ্ঠিত হোৱা 'ফেচেংবৰ এনিশা' অনুষ্ঠানত প্ৰয়াত খগেন্দ্ৰ নাথ বৰাৰ স্মৃতিত প্ৰথমবাৰৰ বাবে জন কণ্ঠ-২০২৩ বঁটা জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক প্ৰদান কৰা হয় ৷ উল্লেখ্য যে বিগত তিনিটা দশকে বোকাখাতৰ সংবাদক্ষেত্ৰখনিত এক সুস্থ বাতাবৰণ আনিবলৈ চেষ্টা কৰি অহা জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা ৷ জিতু শৰ্মা ৰাজখোৱা বোকাখাতৰ পৰা প্ৰকাশিত ৰাইজৰ খবৰ আৰু ৰাইজৰ খবৰ ডিজিটেলৰ মুখ্য সম্পাদক হোৱাৰ উপৰিও বোকাখাতত থকা উজনি অসম বিকলাংগ কেন্দ্ৰ পৰিচালনা সমিতিৰো সভাপতিৰ ৷ অসমীয়া প্ৰতিদিন কাকতৰ বোকাখাতৰ প্ৰতিবেদক জিতু শৰ্মা ৰাজখোৱা স্থানীয় আৰু ৰাজ্যৰ বহু দল-সংগঠনৰো দায়িত্বত আছে ৷ 

আনন্দপুৰ চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, ৰূপজ্যোতি সংঘৰ প্ৰতিষ্ঠাপক, চি এন বি মহাবিদ্যালয়ৰ আহ্বায়ক তথা প্ৰতিষ্ঠাপক, বোকাখাত টাউন প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, বোকাখাত নাট্য মন্দিৰৰ বৰ্তমানৰ সম্পাদক, বোকাখাতৰ লাচিত বজাৰ, ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰতিষ্ঠাতা, বোকাখাত মহকুমা দাবী সমিতিৰ সম্পাদক, ৰেলৱে' দাবী সমিতিৰ সম্পাদকৰ দায়িত্বত থকা জিতু শৰ্মা ৰাজখোৱাক এই বঁটা প্ৰদান কৰাৰ বাবে বোকাখাতৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে ৷ ইপিনে, আজি ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙা অধ্যয়ন চক্ৰ, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখা, বোকাখাত প্ৰেছ ক্লাৱ, গ্ৰাছ, বোকাখাত, পুৱতি সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতি, গোলাঘাট জিলা সমিতি, আটছাৰ বোকাখাত শাখা সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, গোৰ্খা ছাত্ৰ সন্থা, বোকাখাত নাট্যমন্দিৰ পৰিচালনা সমিতি, কাজিৰঙা নিউজ নেটৱৰ্ক, ইলেক্ট্ৰনিক মেডিয়া জাৰ্ণেলিষ্ট এচ’ছিয়েছন আদিকে ধৰি প্ৰায় ৩০ টা সংগঠনে বিশিষ্ট সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক এই বঁটা পোৱাৰ বাবে অভিনন্দন জনাইছে ৷ 

ফেচেংবৰ হেৰিটেজ নামৰ সংগঠনটোৰ তৰফৰ পৰা জনোৱা অনুসৰি, ১৯৯২ চনৰ পৰা বোকাখাতত অনুষ্ঠিত হৈ অহা ফেচেংবৰ এনিশা এইবাৰো যোৱা নিশা অনুষ্ঠিত হয় ৷ এই উপলক্ষে যোৱা নিশা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে বোকাখাতৰ ডিফলু ৰোডত ফেচেংবৰ এনিশা অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে সমাজলৈ সেৱা আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক উৎসাহিত কৰিবলৈ প্ৰথমবাৰৰ বাবে প্ৰয়াত খগেন্দ্ৰ নাথ বৰাৰ স্মৃতিত 'জন কণ্ঠ বঁটা ২০২৩, জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক, ফেচেংবৰ হেৰিটেজ 'জন সেৱা-২০২৩ বঁটা গুৱাহাটীৰ জয়ন্ত খাউণ্ডক, ফেচেংবৰ হেৰিটেজ 'উদীয়মান সাংস্কৃতিক বঁটা-২০২৩' শিল্পী বৰ্ষাগ্নী ডেকা আৰু ৰক্তিম ৰাজ নাথক বঁটা প্ৰদান কৰা হয় ৷