শিৱসাগৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েচন আৰু টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্প'ৰ্টছ এচ'চিয়েচন অফ আচামৰ উদ্যোগত শিৱসাগৰত অসম ৰাজ্যিক আন্তঃজিলা পুমচেই প্ৰতিযোগিতাৰ আয়োজন :

শিৱসাগৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েচন আৰু টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্প'ৰ্টছ এচ'চিয়েচন অফ আচামৰ উদ্যোগত শিৱসাগৰত অসম ৰাজ্যিক আন্তঃজিলা পুমচেই প্ৰতিযোগিতাৰ আয়োজন :
Photo : TMASAA

শিৱসাগৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েচন আৰু টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্প'ৰ্টছ এচ'চিয়েচন অফ আচামৰ উদ্যোগত শিৱসাগৰত অসম ৰাজ্যিক আন্তঃজিলা পুমচেই প্ৰতিযোগিতাৰ আয়োজন :

Aiidesh News : 12 September 2023 :

শিৱসাগৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েচন আৰু টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্প'ৰ্টছ এচ'চিয়েচন অফ আচামৰ উদ্যোগত আৰু ইণ্ডিয়া টাইকোৱাণ্ডো অফিচিয়েলৰ সহযোগত শিৱসাগৰত দুদিনীয়াকৈ অসম ৰাজ্যিক আন্তঃজিলা পুমচেই প্ৰতিযোগিতা ২০২৩ ৰ আয়োজন কৰা হৈছে । এই প্ৰতিযোগিতা পি উই, চাব জুনিয়ৰ, কেডেট, আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ'ব । টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্প'ৰ্টছ এচ'চিয়েচন অফ আচামৰ সভাপতি গীতিকা তালুকদাৰ আৰু সম্পাদক ৰাজু কোঁৱৰে জনোৱা মতে ১৬ আৰু ১৭ ছেপ্টেম্বৰ‌ত শিৱসাগৰৰ আমগুৰি মহাবিদ্যালয়ৰ ইনড'ৰ ষ্টেডিয়ামত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ এই প্ৰতিযোগিতাত প্ৰতিখন জিলাৰ দল সমূহক অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে আমন্ত্ৰণ জনাইছে । প্ৰতিযোগিতাৰ আয়োজক সমিতিয়ে জনোৱা মতে প্ৰতিযোগিতাৰ বাবে ইতিমধ্যেই প্ৰতিযোগীৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ ১৫ ছেপ্টেম্বৰৰ পূৰ্বেই প্ৰতিযোগী সকলে এই নাম ভৰ্তিৰ প্ৰক্ৰিয়া অনলাইন বা ইমেইল যোগে কৰিব পাৰিব যদিও ১৫ ছেপ্টেম্বৰৰ পিছত কোনো প্ৰতিযোগীয়েই প্ৰতিযোগিতাৰ বাবে নাম ভৰ্তি কৰিব নোৱাৰিব বুলিও লগতে জানিবলৈ দিছে ৷

*****