আমচাং বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষণ বাবে বনকৰ্মী আৰু স্থানীয় লোকৰ মাজত আৰণ্যকৰ উদ্যোগ আৰু কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছৰ সহযোগত আৱশ্যকীয় সামগ্ৰী বিতৰণ :
Aiidesh News : 19 May - 2026 :
আমচাং বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু মানৱ-বন্যপ্ৰাণীৰ সহাৱস্থান গঢ়ি তোলাৰ বাবে ৰাজ্যৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ১৪ মে’ত আমচাং বন সংমণ্ডল আৰু স্থানীয় লোকৰ মাজত বিভিন্ন আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।
কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ জৰিয়তে প্ৰদান কৰা এই সামগ্ৰীবোৰৰ ভিতৰত আছে ২০ টা ৰেঞ্জাৰ টৰ্চলাইট, ৫৫ টা উইন্ডচিটাৰ, ৫ খন এছ ডি কাৰ্ড আৰু নিশাৰ পহৰা আৰু জৰুৰী কালীন অভিযানত জড়িত বনকৰ্মী সকলৰ বাবে ১৮ জোৰ জোতা ।
চাৰিওফালে ঘন নগৰীয়া জনবসতিৰে আৱৰি থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যই প্ৰসাৰিত গুৱাহাটী মহানগৰী খনলৈ আগবঢ়োৱা পাৰিপাৰ্শ্বিক আৱদানৰ বাবে এই অভয়াৰণ্য খনক “গুৱাহাটীৰ হাঁওফাঁও” বুলি কোৱা হয় । অসম-মেঘালয়ৰ সীমাত প্ৰায় ৭৮.৬৪ বৰ্গ কিলোমিটাৰ এলেকাত প্ৰসাৰিত হৈ থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্য হাতী, হৰিণা, বনবোন্দা, বিভিন্ন প্ৰজাতিৰ চৰাইকে ধৰি অন্য বহু গুৰুত্বপূৰ্ণ প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান । মানুহৰ জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ আৰু বন্যপ্ৰাণীৰ আৱাসভূমিৰ বিভাজনৰ ফলত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যই কাষীয় অঞ্চলত মানৱ-হাতী সংঘাতৰ ঘটনা বৃদ্ধি হৈছে । যাৰ বাবে অভয়াৰণ্য খনৰ বন্যপ্ৰাণী আৰু স্থানীয় লোকসকল সমস্যাৰ সন্মুখীন হৈছে ।
১৪ মে’ত বনকৰ্মী আৰু স্থানীয় লোকৰ মাজত সামগ্ৰী বিতৰণ কাৰ্যসূচীত বনাঞ্চলিক বিষয়া ধ্ৰুৱজ্যোতি দাসে আৰণ্যক আৰু কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছ লিমিটেডক কৃতজ্ঞতা জ্ঞাপন কৰি সামগ্ৰী সমুহে বনকৰ্মী সকলক নিশাৰ পহৰা আৰু বন্যপ্ৰাণী নিৰীক্ষণৰ সময়ত কৰ্মদক্ষতা, মনোবল আৰু সুৰক্ষা অধিক বৃদ্ধি কৰিব ।
আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ উপ-সঞ্চালক ড০ দেৱ কুমাৰ দত্তই সামগ্ৰীসমুহ আনুষ্ঠানিকভাৱে প্ৰদান কৰি তৃণমূল পৰ্যায়ৰ পৰা সংৰক্ষণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেঁও কয়, “বনকৰ্মী সকলক উপযুক্ত সামগ্ৰীৰে সুসজ্জিত কৰি ৰখাটো যিকোনো সংৰক্ষণ নীতিৰ সমানে গুৰুত্বপূৰ্ণ আৰু স্থানীয় লোকসকলেই বনাঞ্চলৰ প্ৰকৃত ৰক্ষক।” ১৪ মে’ৰ অনুষ্ঠানত স্থানীয় জনসাধাৰণৰ প্ৰতিনিধি, ‘গজ-মিত্ৰ’ৰ সদস্য, পঞ্চায়তৰ প্ৰতিনিধি, বন বিভাগৰ কৰ্মচাৰী আৰু অন্যান্য অংশীদাৰ সকলকে ধৰি প্ৰায় ৫০ গৰাকী লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ শেষত আৰণ্যকৰ কৰ্মকৰ্তা আৰু বন বিষয়াসকলে প্ৰকৃত অৱস্থাৰ বুজ লোৱাৰ লগতে মানৱ-হাতী সংঘাত হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিব লগীয়া বৈজ্ঞানিক আৰু স্থানীয় ভিত্তিক প্ৰশমন ব্যৱস্থাক চিনাক্ত কৰাৰ অৰ্থে অভয়াৰণ্যখনৰ ভিতৰৰ আৰু বাহিৰৰ বিভিন্ন কাষৰীয়া অঞ্চল ভ্ৰমণ কৰে ।
********



