বোকাখাত সমজিলাৰ জাপৰিপথাৰ মাধ্যমিক বিদ্যালয়ত উলুম’ৰা চৰাইৰ সংৰক্ষণৰ সজাগতা অনুষ্ঠান :
Aiidesh News : 19 May - 2026 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আৰু জাপৰিপথাৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ১৮ মে’ত বোকাখাত সমজিলাৰ জাপৰিপথাৰত অৱস্থিত উক্ত বিদ্যালয়খনত উলুম’ৰা চৰাইৰ এক বিশেষ সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে পৰিচালনা কৰা এই সজাগতা অনুষ্ঠানত জাপৰিপথাৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিপেন সন্দিকৈৰ লগতে শিক্ষক শিক্ষয়ত্ৰী আৰু বিদ্যালয় খনৰ সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰে । অনুষ্ঠানত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উলুম’ৰা চৰাইৰ গৱেষক সৌৰভ দাসে বিপন্নপ্ৰায় উলুম’ৰা চৰাইৰ প্ৰজাতি, জনসংখ্যা, আৱাস, খাদ্যাভাস, সংৰক্ষণ প্ৰচেষ্টাৰ বিষয়ে সচিত্ৰ উপস্থাপনেৰে আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যাক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা উলুম’ৰা চৰাইৰ আৱাস আৰু সংৰক্ষণৰ বিষয়ে সবিস্তাৰে ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনা কৰে । অনুষ্ঠানত উলুম’ৰা চৰাইৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰিও প্ৰশ্নোত্তৰো অনুষ্ঠিত কৰা হয় । ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্যোগত বিভিন্ন স্থানত সজাগতা অভিযান চলোৱাৰ শেষত ব্ৰহ্মপুত্ৰ উপত্যকাত উলুম’ৰা চৰাইৰ আৱাস আৰু জনসংখ্যাৰ বাবে এক সমীক্ষাও চলোৱা হ’ব বুলি জনায় সৌৰভ দাসে ।
*********



