বোকাখাতৰ বৰজুৰিৰ দলামৰা পথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ : পৰিকল্পিত হত্যা কাণ্ড বুলি সন্দেহ স্থানীয় লোকৰ :

বোকাখাতৰ বৰজুৰিৰ দলামৰা পথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ  : পৰিকল্পিত হত্যা কাণ্ড বুলি সন্দেহ স্থানীয় লোকৰ  :
Aiidesh Photo

Aiidesh News  : 4 December  2023 :

৪ ডিচেম্বৰৰ পুৱাতেই বোকাখাতৰ বৰজুৰিত পথৰ কাষতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ অঞ্চলটোৰ দলামৰা লৈ যোৱা পথৰ কাষৰ এজোপা গছত আউজাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকৰ এই মৃতদেহটো ৷ বোকাখাতৰ বৰজুৰিত বাগিছাৰ মাজত উদ্ধাৰ হোৱা এই মৃতদেহটো বোকাখাত লতাবাৰী আহোম গাঁৱৰ অমৃত চাওতাল ওৰফে তিয়া বুলি স্থানীয় লোকে চিনাক্ত কৰিছে ৷ ট্ৰাকৰ চালক হিচাবে গুৱাহাটীত কাম কৰি থকা অমৃত চাওতাল ওৰফে তিয়া ৩ ডিচেম্বৰৰ দিনা দেওবাৰে ঘৰলৈ আহিছিল ৷ উক্ত দিনা বিয়লি ভাগত লতাবাৰী আহোম গাঁৱত থকা নিজৰ ঘৰৰ পৰা ওলাই গৈছিল অমৃত চাওতাল ৷ সেই যে ঘৰৰ পৰা ওলাই গৈ পুনৰ ঘুৰি নাহিল অমৃত চাওতাল ৷ সোমবাৰে পুৱা অমৃত চাওতালৰ মৃতদেহ উদ্ধাৰ হয় বৰজুৰি বাগিছাৰ এজোপা গছৰ তলত ৷  আততায়ীয়ে হত্যা অমৃত চাওতালৰ মৃত দেহ চাহ বাগিচাৰ মাজৰে যোৱা দলামৰা পথৰ এজোপা গছৰ তলত পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে  স্থানীয় লোকে ৷ 

ঘটনাৰ পিচত স্থানীয় লোকে বোকাখাত আৰক্ষীক অৱগত কৰাত আৰক্ষী গৈ ঘটনাৰ তদন্ত কৰাৰ লগতে মৃতদেহ সংগ্ৰহ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷ ঘটনাৰ সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে ৷ উল্লেখ্য যে যোৱা দুৰ্গা পুজাৰ ২১ অক্টোবৰতো এই অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল যদিও আজিলৈকে এই সম্পৰ্কত একো শুংসুত্ৰই উলিয়াব নোৱাৰিলে আৰক্ষীয়ে ৷ 

********