গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীৰ অভিযান : যোৰহাট আৰু বোকাখাত বিভিন্ন স্থানৰ পৰা তিনিজনক আটক : সঁজীৱ গুলী উদ্ধাৰ :

গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীৰ অভিযান  : যোৰহাট আৰু বোকাখাত বিভিন্ন স্থানৰ পৰা তিনিজনক আটক  : সঁজীৱ গুলী উদ্ধাৰ  :
Aiidesh Photo

Aiidesh News  : 22 May - 2024  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু আৰক্ষী বিভাগে যোৱা নিশা চলোৱা যৌথ অভিযানত বোকাখাত আৰু যোৰহাটৰ বিভিন্ন স্থানৰ পৰা ৩ জনকৈ গঁড়ৰ চোৰাংচিকাৰী আটক কৰিছে ৷ জানিব পৰা মতে যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাত জড়িত থকাৰ অভিযোগত বোকাখাতৰ চহলা চাপৰিৰ পৰা হৰিলাল চৌধুৰী নামৰ চোৰাংচিকাৰীজনক আটক কৰে  ৷ গোপন সুত্ৰ পৰা পোৱা তথ্যৰ আধাৰত চলোৱা এই অভিযানত বনকৰ্মী আৰু বোকাখাত আৰক্ষীয়ে চহলা দলংৰ সমীপৰ পৰা এই দুধৰ্ষ চোৰাং চিকাৰীজনক আটক কৰে ৷ দীৰ্ঘ দিন পৰা হৰিলাল চৌধুৰীক বিচাৰি আছিল বন বিভাগে ৷ পৰৱৰ্তী সময়ত হৰিলাল চৌধুৰীৰ স্বীকাৰোক্তিৰ আধাৰত চিকাৰীজনৰ চহলা চাপৰিত থকা বাসগৃহৰ পিচফালৰ বাহঁনিৰ পৰা বনকৰ্মীৰ দলে ৬ জাঁই সজীৱ ৩৹৩ ৰাইফলৰ গুলী উদ্ধাৰ কৰে ৷ হৰিলালৰ স্বীকাৰোক্তিৰ আধাৰতেই অভিযানকাৰী দলে যোৱা নিশা যোৰহাটৰ কাৰেং চাপৰিৰ অচিন্ত্য মৰাং ওৰফে এপে মৰাং আৰু বোকাখাতৰ আমটেঙা গাওঁৰ গুনকান্ত দলে ওৰফে গাদিক আটক কৰিছে ৷ জানিব পৰা মতে চোৰাংচিকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযান অব্যহত আছে আৰু বিভিন্ন স্থানত চোৰাংচিকাৰীৰ সন্ধানত তালাচী চলাই আছে ৷ যোৱা নিশা বোকাখাতৰ পলাশগুৰিতো অভিযান চলায় অভিযানকাৰী দলে ৷ 

উল্লেখ্য যে দুধৰ্ষ চোৰাংচিকাৰী হৰিলাল চৌধুৰী আৰু তেওঁৰ দলে কাজিৰঙাৰ গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছিল বন বিভাগে আৰু হৰিলাল চৌধুৰীৰ নেতৃত্বতে চোৰাংচিকাৰীৰ দলটোয়ে ডিমাপুৰৰ পৰা বন্দুকৰ গুলীও সংগ্ৰহ কৰি কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল বুলি তথ্যও লাভ কৰিছিল ৷ মনকৰিব লগীয়া যে হৰিলাল চৌধুৰী নামৰ চোৰাংচিকাৰীজনক ২০১৫ চনৰ ৩ জুনৰ দিনা বোকাখাত আৰক্ষীয়ে গঁড় হত্যাৰ অপৰাধত কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰু এটা বন্দুকো উদ্ধাৰ কৰিছিল ৷ এই ঘটনাত হৰিলালৰ চৌধুৰীৰ নেতৃত্বত ৬ জনীয়া এটা দল গঁড় হত্যাত জড়িত আছিল  ৷

************