শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত বোকাখাতত কেন্দ্ৰীয় শিক্ষক দিৱসৰ আয়োজন : আদৰণী সমিতি গঠনৰ ৰাজহুৱা সভাত গ্ৰন্থ উন্মোচন :
Aiidesh News : 19 May - 2026 :
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত জিলা শাখাৰ নামঘৰত ১৭ মে’ৰ দিনা সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত বোকাখাত জিলা শাখা ব্যৱস্থাপনাত অহা ৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব লগা ৬৫ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱসৰ আদৰণী সমিতি গঠনৰ ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই সভাতে বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শোভন চন্দ্ৰ শইকীয়াৰ "বৰ্ণভেদ-জাতিভেদ ধৰ্মীয় মৌলবাদ আৰু অমৃতত গৰল" নামেৰে ১৮ সংখ্যক গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থ উন্মোচন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই এখন উকৃষ্টমানৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই অতি আনন্দিত বুলি মন্তব্য প্ৰকাশ কৰে ৷
সভাখনৰ আৰম্ভনিতে শঙ্কৰী সংগীত বিদ্যালয় বোকাখাতৰ অধ্যক্ষা ৰিজু বৰা হাজৰিকাৰ পৰিচালনাৰে শিল্পীসকলে বৰগীত পৰিৱেশন কৰে ৷ সংঘৰ শিক্ষা শাখা সমিতিৰ সভাপতি বিমল বূঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এই সভা উদ্বোধন কৰে সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ৷ বিশিষ্ট অতিথি হিচাবে সংঘৰ যুটীয়া সম্পাদক তোষেশ্বৰ বৰা, শিক্ষা শাখাৰ সম্পাদক চন্দ্ৰকান্ত ভূঞা, সংঘৰ বোকাখাত জিলাৰ সভাপতি সোনেশ্বৰ আহোম, সংঘৰ মূল সংঘৰ কাৰ্যালয় পৰিচালনা সমিতিৰ সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই বক্তব্য প্ৰদান কৰে ৷ সভাত ৬৫ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱসৰ আদৰণী সমিতিৰ ধৰ্মেশ্বৰ হাজৰিকাক সভাপতি, অনিল হাজৰিকাক সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৫১ জনীয়া সমিতি গঠন কৰা হয় ৷ শলাগ জ্ঞাপন কৰে বোকাখাত জিলা শাখাৰ সম্পাদক প্ৰদীপ হাজৰিকাই ৷
*********



