বৈঠালাংছ ৰ বিস্তৃত এলেকাত বানৰ তাণ্ডৱ

বৈঠালাংছ ৰ বিস্তৃত এলেকাত বানৰ তাণ্ডৱ

 

 যােৱা দুটা দিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত বাঢ়নী পানীয়ে বিভিন্ন স্থানত তাণ্ডৱৰ  সৃষ্টি

কৰাৰ  সময়তে পশ্চিম কার্বি আংলং জিলাৰ বৈঠালাংছৰ এক বিস্তৃত এলেকাত আজি বাঢ়নি পানীয়ে তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে। উল্লেখযােগ্যেযে, বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত বৈঠালাংছৰ বৰপানী নৈৰ জলপৃষ্ঠ বিপদজনকভাবে বৃদ্ধি পাবলৈ ধৰে। ফলস্বৰূপে কার্বি

লাংপি জলবিদ্যুৎ প্রকল্পৰ বান্ধত জমা হােরা অতিৰিক্ত পানীভাগ এৰি দিয়াৰ বাবে কার্বি লাংপি জলবিদ্যুৎ প্রকল্পৰ ছখনকৈ গেট খুলি দিয়া হয়।

প্রকল্পটোৰ এক নং গেটখন বন্ধ হৈ থকাৰ বিপৰীতে দুই নং গেটেৰে এশ চেঃ মিটাৰ পানী এৰি দিয়াৰ বিপৰীতে আন পাঁচখন গেটেৰে দুশ চে:মিঃ কৈ পানী এৰি দিয়া বুলি জানিব পৰা গৈছে। ইফালে, প্রকল্পটোৰ অতিৰিক্ত পানীভাগ এৰি দিয়াব ফলত আজি পুৱাৰে পৰা বৃহত্তৰ বৈঠালাংছ' এলেকাৰ

বিস্তৃত অঞ্চলৰ লােকৰ মাজত একপ্রকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বাঢ়নি পানীয়ে নিমিষতে ভয়ংকৰ ৰূপ লােৱাৰ  ফলত আজি পুৱাৰে পৰা

বৈঠালাংছৰ বৰছালি, বেলগুৰি আমডুবি, মাইছাম, চৰাইহাগী, ইহিনলাংছ, খাৰুপিন্ধা আদি অঞ্চল প্লাবিত হৈ পৰে। ইয়াৰ লগতে বৈঠালাছ নগৰখনাে বাঢ়নি পানীৰ কবলত পৰাৰ ফলত নগৰখনত থকা কেইবাটাও গুকত্বপূর্ণ চৰকাৰী কার্যালয় পানীত ডুব যায়। প্রাপ্ত তথ্য অনুসৰি বৈঠালাংচত

থকা বন বিভাগৰ কার্যালয়, আৰক্ষী নিবেশ, নগৰ সমিতি কার্যালয়, সাপ্তাহিক বজাৰ আদি পানীত ডুব যােৱাৰ ফলত ভীষণ সমস্যাৰ সৃষ্টি হয়।

বৈঠালাংছ বৰচালি পথৰ ওপৰেৰে পানী বাগৰি যােৱাৰ ফলত এই পথছােৱাৰে যােগাযােগ সম্পূর্ণৰূপে বন্ধ হৈ পৰে। আজিৰ এই বানত পূর্বে বানৰ প্রভাব নপৰা ন ন এলেকালৈও বাঢ়নি পানীৰ ঢল প্রবেশ কৰা বুলি জানিব পৰা গৈছে। পানীৰ মাজত আৱদ্ধ হৈ পবিছে কেইবাথনাে গাঁও লোক ৷ এলেকাটোৰ বিস্তীর্ণ  কৃষিভূমি বানত ডুব যােৱাৰ ফলত অনিশ্চয়তাত ভূগিছে কৃষকসকল। বানৰ তাণ্ডৱৰ পবা ৰক্ষা পােৱাৰ বাবে আক্রান্ত লােকসকলে মথাউৰি, পথৰ ওপৰত আশ্রয় গ্রহণ কৰা বুলি জানিব পবা গৈছে