নুমলীগড়ৰত অখিল গগৈ মুক্তিৰ দাবী জনাই আটছাৰ প্ৰতিবাদ

নুমলীগড়ৰত অখিল গগৈ মুক্তিৰ দাবী জনাই আটছাৰ প্ৰতিবাদ

নুমলীগড়ৰ পোৰাবাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আটছা( স্বতন্ত্ৰ ) ৰ মানৱ শৃংখলৰ দ্বাৰা তীব্ৰ প্ৰতিবাদ ৷ অখিল গগৈ , ধৈৰ্য কোঁৱৰ , বিতু সোনোৱাল , মানস কোৱঁৰ সহ কা’ বিৰোধী নেতাক মুক্তিৰ দাবীত এই প্ৰতিবাদ ৷ শীঘ্ৰেই এইসকলক মুক্তি আৰু উন্নত চিকিৎসা প্ৰদানৰ দাবী জনাই ৷ প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধশতাধিক যুৱক -যুৱতী , পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ৷ চৰকাৰক শীঘ্ৰে কা’ বিৰোধী নেতাসকলক মুক্তিৰ দাবী জনাই আটছা ( স্বতন্ত্ৰ ) ই ৷ অন্যথা ভয়াৱহ গণ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে ৷