অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ |

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে ইন্ধন জাত সামগ্ৰীৰ অধিক মূল্যবৃদ্ধি হোৱাত মূল্য বৃদ্ধি  ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  যোৰহাট মহানগৰ সমিতিয়ে শুকুৰবাৰে যোৰহাট নগৰৰ জে পি আৰ পথৰ পৰিষদৰ কাৰ্য্যলয়ৰ সন্মুখত   সুলভ মূল্যৰ দোকান খুলি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।লগতে সংগঠনটোৰ  বিষয় ববীয়া আৰু সদস্য সকলে বিজেপি নেতৃত্বাধীন চৰকাৰক ক্ষুৰ ধাৰ সমালোচনা কৰি অনতিপলমে নৃত্যপ্ৰয়োজনীয় সামগ্ৰীৰ লগতে ইন্ধন জাত সামগ্ৰীৰ মূল্য ৰোধ কৰিবলৈ প্ৰতিবাদ স্থলীৰ পৰা চৰকাৰক সকীয়াই দিয়ে। অন্যথা অনাগত দিনত আৰু অধিক সক্ৰিয়তাৰে ৰাইজৰ খাতিৰত প্ৰতিবাদ কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিৰ সদস্য সকলে অৱগত কৰে।

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট |