প্ৰৱীন নাগৰিকৰ সহায়ৰ বাবে আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি

প্ৰৱীন নাগৰিকৰ সহায়ৰ বাবে আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি
আৰক্ষীৰ হেল্পলাইন

লকডাউনৰ সময়ত ঘৰৰ বাহিৰলৈ যান-বাহন উলিয়াই অনাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা অসম আৰক্ষীয়ে জ্যেষ্ঠ নাগৰিকসকলক সহায় কৰাৰ উদ্দেশ্যে চাৰিটাকৈ হেল্পলাইন মুকলি কৰিছে৷ জ্যেষ্ঠ নাগৰিকসকলে ঔষধ ক্রয়, চিকিৎসা বা আন কিবা জৰুৰী কামতো যাতে ঘৰৰ বাহিৰলৈ নিজৰ যান-বাহন লৈ ওলাই নাহে, তাৰ বাবে অসম আৰক্ষীয়ে তেওঁলোকক তাৎক্ষণিকভাৱে সহায় কৰিবলৈ এই হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে৷

হেল্পলাইন নম্বৰত ফ’ন কৰিলে আৰক্ষী গৈ জ্যেষ্ঠ নাগৰিকৰ ঘৰত উপস্থিত হৈ প্রয়োজনীয় সহায় কৰিব৷ অসম আৰক্ষীয়ে মুকলি কৰা হেল্পলাইন নম্বৰকেইটা ক্রমে ৬০০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫ উল্লেখযোগ্য যে কৰ’না ভাইৰাছ প্রতিহত কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লকডাউনৰ সময় ৩ মে’লৈ বৃদ্ধি কৰিছিল৷

লকডাউনৰ সময়ত কোনো লোককে ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ কঠোৰভাৱে নির্দেশ দিছিল অসম আৰক্ষী সঞ্চালকপ্রধানে৷ জ্যেষ্ঠ নাগৰিকে যাতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগীয়া নহয়, তাৰ বাবে হেল্পলাইন মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছিল আৰু আজি চাৰিটাকৈ হেল্পলাইন অসম আৰক্ষীয়ে মুকলি কৰে৷