কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ বাবে বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ : দুই শতাধিক বনকৰ্মীৰ স্বাস্থ্য পৰীক্ষা :

Aiidesh News : 17 March - 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত চাংগ্ৰিলা ক্লাব আৰু যোৰহাটৰ ফ'কাচ ডায়’গ্নষ্টিক চেন্টাৰৰ বিশেষ সহযোগত আজি কাজিৰঙাৰ কঁহৰাত থকা পৰমানন্দ লাহন প্ৰক্ষাগৃহত এক বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আয়োজিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলৰ বাবে আয়োজন কৰা এই শিৱিৰত স্বাস্থ্যৰ সকলোবোৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হয় ৷ শিৱিৰত বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ চকু কান, হৃদ ৰোগ, উচ্চ ৰক্ত চাপ, যকৃত, বৃক্ক তথা শিশু ৰোগকে ধৰি মুঠ ১২ টাতকৈ অধিক বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰা হয় ৷ যোৰহাটৰ বিশিষ্ট চিকিৎসক ডা৹ প্ৰফুল্ল বৰাৰ নেতৃত্বত আয়োজিত এই চিকিৎসা শিৱিৰত মুঠ ১৩ গৰাকী অভিজ্ঞ চিকিৎসকৰ লগতে জি পি হেল্ড কেয়াৰ, ফাইব্ৰ’স্কেন আৰু ফ'কাচ ডায়’গ্নষ্টিকৰ ২১ গৰাকী স্বাস্থ্যকৰ্মী আৰু কাৰিকৰী বিশেষজ্ঞই সেৱা আগবঢ়ায় ৷ পুৱাৰে পৰা অনুষ্ঠিত এই স্বাস্থ্য পৰীক্ষা শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কেউটা বনাঞ্চলৰ দুই শতাধিক বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷

স্বাস্থ্য পৰীক্ষা শিৱিৰৰ পুৰ্বে ১৬ মাৰ্চৰ বিয়লি পৰমানন্দ লাহন প্ৰক্ষাগৃহত বনকৰ্মী সকলক সাম্ভাৱ্য দুৰ্ঘটনাত ল'ব লগা সাৱধানতাৰ উপৰিও  প্ৰাথমিক চিকিৎসাৰ  প্ৰশিক্ষণো প্ৰদান কৰা হয় ৷ কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ তত্বৱধানত আৰু কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈৰ পৰিচালনাৰে আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিৱিৰৰ সামৰণীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে শিৱিৰত সেৱা অগবঢ়োৱা চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক ফুলাম গামোছা আৰু স্মাৰকেৰে ধন্যবাদ জ্ঞাপন কৰে ৷ সঞ্চালক গৰাকীয়ে কাজিৰঙাৰ বনকৰ্মী আৰু কৰ্মচাৰীৰ বাবে এখন চিকিৎসালয় আৰু বনকৰ্মী সকলৰ জীৱন বীমাৰ বাবে পদক্ষেপ গ্ৰহন কৰাৰ বাবে চেষ্টা হাতত ল'ব বুলিও সকলোকে অৱগত কৰে ৷ দিনজোৰা এই স্বাস্থ্য পৰীক্ষা শিৱিৰত বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, পৰিৱেশ কৰ্মী উত্তম শইকীয়া আৰু যোৰহাট জিলাৰ পৰিবহন বিষয়া উৎপল বৰুৱাও উপস্থিত থাকে ৷

**********