দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আৰম্ভ কৰিছে কাৰ্জি ৰংহাংপী টেইলচ নামৰ এক আকৰ্ষণীয় অনুষ্ঠান :

দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আৰম্ভ কৰিছে কাৰ্জি ৰংহাংপী টেইলচ নামৰ এক আকৰ্ষণীয় অনুষ্ঠান  :
Aiidesh Photo
দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আৰম্ভ কৰিছে কাৰ্জি ৰংহাংপী টেইলচ নামৰ এক আকৰ্ষণীয় অনুষ্ঠান  :

Aiidesh News  : 23 December - 2023 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ বিভাগীয় প্ৰক্ষাগৃহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশী বিদেশী পৰ্যটকৰ বাবে এক বিশেষ অনুষ্ঠানৰ আৰম্ভ কৰিছে ৷ প্ৰতি দিনে বিয়লি ৫ বজাত এঘন্টাৰ বাবে আয়োজন হ'ব লগা  কাৰ্জি ৰংহাংপী টেইলচ নামৰ এই অনুষ্ঠানত পৰ্যটক সকলে কাজিৰঙা ৰাষ্ট্ৰীষ উদ্যানৰ বহু তথ্য সম্বলিত আলোচনা, কাজিৰঙাৰ জৈৱ বৈচিত্ৰ, বনকৰ্মী সকলৰ ৰোমাঞ্চকৰ কাহিনী, স্থানীয় কলা সংস্কৃতি, সাজ পোচাক, থলুৱা খাদ্য আৰু কাজিৰঙাৰ ওপৰত নিৰ্মিত বিভিন্ন তথ্যচিত্ৰৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া, বনকৰ্মী, মাউট আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কামত সুদীৰ্ঘ দিন জড়িত লোকৰ সৈতে মত বিনিময়ো কৰিব পাৰিব কাজিৰঙালৈ অহা দেশী বিদেশী ৷

কাজিৰঙাৰ কঁহৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত প্রতিদিনে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ নিম্নতম মাচুল দি পৰ্যটক সকলে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে । ২২ ডিচেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ সুবিধাৰ বাবে নতুনকৈ আৰম্ভ কৰিছে 'কাজি ৰংহাংপি টেলছ' নামেৰে এই নতুন অনুষ্ঠানৰ । ২২ ডিচেম্বৰৰ সন্ধ্যা আয়োজিত উদ্বোধনী অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি, আৰু অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া, বনকর্মী, সংবাদ মাধ্যমৰ লোক, বহিঃৰাজ্যৰ শিক্ষার্থী লগতে দেশী বিদেশী পৰ্যটকো উপস্থিত থাকে ৷ অনুষ্ঠাৰ শুভাৰম্ভ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে জনাই যে কাজিৰঙালৈ অহা দেশী বিদেশী পর্যটকৰ উপৰিও শিক্ষার্থী সকলৰ বাবেও এই অনুষ্ঠানটো লাভদায়ক হ'ব ৷ উদ্বোধনী অনুষ্ঠানত স্থানীয় পৰিৱেশ কৰ্মী বিতোপন কলঙে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে প্ৰস্তুত কৰা দুখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ৷

********