কাজিৰঙাৰত প্ৰথমবাৰৰ বাবে মেৰুদণ্ডহীন নতুন প্ৰজাতিৰ প্ৰাণীৰ সন্ধান : উভচৰ প্ৰাণীৰ বিভাগীয় জৰীপত পোৱা গ'ল এই প্ৰাণীৰ উপস্থিতি :
Aiidesh News : 20 June - 2024 :
দিঘল নেজীয়া নিগনি, ব্ৰাউন-স্পটেড পিট ভাইপাৰ, বিনটুৰং, সৰু হাতোঁৰাৰ উদ আদি প্ৰাণীৰ উপস্থিতি প্ৰথমবাৰৰ বাবে লাভ কৰাৰ পিচত কাজিৰঙাত প্ৰথম বাৰৰ বাবে মেৰুদণ্ডহীন কেচু সাদৃশ এক প্ৰাণীৰ সম্ভেদ লাভ কৰিছে এদল যুৱ বিজ্ঞানীয়ে ৷ যোৱা ১৪ জুনৰ পৰা ১৭ জুনলৈকে কাজিৰঙাত উভচৰ প্ৰাণীৰ এক জৰীপত চলোৱা হৈছিল ৷ এই জৰীপতে ৰাষ্ট্ৰীয় উদ্যানখনত ষ্ট্ৰাইপড কেচিলিয়ান ( ইচথায়োফিছ প্ৰজাতি ) Striped Caecilian (Ichthyophis spp ) নামৰ এবিধ প্ৰাণী প্ৰথম বাৰৰ বাবে নথিভূক্ত কৰা হয় । ইয়াৰ আগতে প্ৰাণীবিধৰ উপস্থিতিৰ কোনো প্ৰমানিক তথ্য কৰ্তৃপক্ষৰ হাতত নাছিল ৷ কেচিলিয়ান হৈছে অংগহীন উভচৰ প্ৰাণী যি বেছিভাগ সময় মাটিৰ তলত কটায় । শেষতীয়া জৰীপত কাজিৰঙাত কেচু সাদৃশ এই ষ্ট্ৰাইপড কেচিলিয়ানৰ উপস্থিতি প্ৰথম বাৰৰ বাবে নথিভুক্ত কৰা হয় ৷ ইয়াৰ পুৰ্বে এই প্ৰজাতিৰ প্ৰাণীৰ উপস্থিতিৰ কোনো তথ্য কাজিৰঙাত নাছিল ৷ ভাৰতৰ অকল পশ্চিমঘাট পৰ্বতমালাতহে এই প্ৰাণীৰ তথ্য আছিল ৷
তিনিদিন ধৰি চলোৱা এই বিশেষ জৰীপত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ড০ চাইবাল সেনগুপ্ত, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ড০ অভিজিত দাস, গোলাঘাটৰ ডি আৰ মহাবিদ্যালয়ৰ ড০ ৰাজীৱ বসুমতাৰী আৰু ড০ সম্ৰাট সেনগুপ্ত, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ড০ জয়দেৱ মণ্ডল, হেল্প আৰ্থৰ বিশেষজ্ঞ ড০ জয়াদিত্য পুৰকায়স্থ আৰু টাৰ্টেল চাৰ্ভাইভেল এলায়েন্স-ফাউণ্ডেচনৰ সুস্মিতা কৰে অংশগ্ৰহন কৰিছিল ।
এই জৰীপৰ সময়তে বিজ্ঞানীৰ দলটোয়ে উভচৰ প্ৰাণীৰ চিনাক্তকৰণ আৰু সংৰক্ষণৰ বাবে বন কৰ্মীসকলৰ মাজত সজাগতা সৃষ্টিৰ কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণো প্ৰদান কৰে ৷
উল্লেখ্য ইয়াৰ আগতে যোৱা বছৰত কাজিৰঙাত প্ৰথম বাৰৰ বাবে দীঘল নেজীয়া নিগনি, বিনটুৰং আৰু সৰু হাতোঁৰাৰ উদৰ দৰে প্ৰাণীও প্ৰথম বাৰৰ বাবে পোৱা গৈছিল ৷
*********