গোলাঘাটত নাহৰফুটুকী বাঘৰ হত্যা : আৰক্ষীৰ অভিযানত মৃতদেহ উদ্ধাৰ :

গোলাঘাটত নাহৰফুটুকী বাঘৰ হত্যা : আৰক্ষীৰ অভিযানত মৃতদেহ উদ্ধাৰ :
ফটো : উত্তম শইকীয়া
গোলাঘাটত নাহৰফুটুকী বাঘৰ হত্যা : আৰক্ষীৰ অভিযানত মৃতদেহ উদ্ধাৰ :

গোলাঘাটত নাহৰফুটুকী বাঘৰ হত্যা : আৰক্ষীৰ অভিযানত মৃতদেহ উদ্ধাৰ :

AIIDESH . News desk : 18 April : 


বিশেষ সুত্ৰৰ তথ্যৰ আধাৰত গোলাঘাটৰ আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত গোলাঘাটৰ বেঙেনাখোৱাৰ সমীপৰ টাৰফট আহোম গাওঁত আজি বিয়লি এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰে ৷ এদল দুস্কৃতিকাৰীয়ে নাহৰফুটুকী বাঘটোক হত্যা কৰি মাংস কাটি ভক্ষণ কৰাৰ পৰিকল্পনা কৰিছিল  ৷ কিন্তু ঘটনাৰ বিষয়ে আৰক্ষীয়ে গম পোৱাত নাহৰফুটুকীৰ মৃতদেহটো গাতত পুতি থৈছিল ৷ গোলাঘাট থানাৰ আৰক্ষী উপ-পৰিদৰ্শক মিৰেল আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই গাতত পুতি থোৱা নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো এটা পোৱালী নাহৰফুটুকীৰ বুলি জানিব পৰা গৈছে ৷ গাওঁখনৰ বিভিন্ন স্থানত চলোৱা অনুসন্ধানৰ শেষত আৰক্ষীৰ দলে নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰৰ পিচত নাহৰফুটুকীৰ মৃতদেহটো গোলাঘাটৰ বনবিভাগৰ হাতত আৰক্ষীয়ে অৰ্পণ কৰে ৷ ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে এতিয়া আৰক্ষী আৰু বন বিভাগে অনুসন্ধান আৰম্ভ কৰিছে ৷ সম্প্ৰতি মৃত নাহৰফুটুকী বাঘৰ মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বৱ বিভাগে ৷