অসমত ম’হৰ যুঁজ নিষিদ্ধ কৰি আয়োজক সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ :

অসমত ম’হৰ যুঁজ নিষিদ্ধ কৰি আয়োজক সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ  :
Aiidesh photo

Aiidesh News : 24 April - 2026 :

অসমৰ বিভিন্ন স্থানত হোৱা ম’হৰ যুঁজ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তাৎক্ষণিক ভাৱে বন্ধ কৰাৰ লগতে আয়োজক সমিতি বোৰৰ ওপৰত বিহিত আইনী ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।  

পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (PETA) ইণ্ডিয়াই নামৰ বেচৰকাৰী সংগঠনে উচ্চ ন্যায়লয়ত অসমৰ ম’হৰ যুঁজৰ ওপৰত দাখিল কৰা এক আবেদনৰ শুনানিৰ সময়ত গুৱাহাটী উচ্চ ন্যায়লয়ে এই নিৰ্দেশ জাৰি কৰিছে । সংগঠনটোয়ে দাখিল কৰা আবেদনত চলিত বছৰৰ জানুৱাৰী মাহতো অসমৰ বিভিন্ন জিলাত ম’হৰ যুঁজ  অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে ।  উচ্চ ন্যায়লয়ে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগক অসমত ম’হৰ যুঁজ নিষিদ্ধ কৰাৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰিবলৈ জনাইছে ।  

উচ্চ ন্যায়লয়ৰ মতে এনে অনুষ্ঠানসমূহে জন্তুৰ ওপৰত হোৱা অত্যাচাৰ প্ৰতিৰোধ আইন ১৯৬০ ৰ ধাৰা উলংঘা কৰাৰ লগতে  ম’হৰ যুঁজ বন্ধ কৰাৰ বাবে দিয়া ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ সমূহৰো উলংঘন কৰিছে ।  পিটা ইণ্ডিয়াই দাখিল কৰা আবেদনত সংগঠনটোয়ে প্ৰমাণ হিচাবে ম’হৰ যুঁজৰ ফটো আৰু ভিডিঅ’ উচ্চ ন্যায়লয়ত দাখিল কৰিছে ।  এই প্ৰমানিত তথ্যত সহায়ত পেটাই ম’হ বোৰক আঘাত সহ্য কৰি যুঁজ কৰিবলৈ বাধ্য কৰোৱাৰ লগতে আৰু প্ৰচণ্ড হিংসাত্মক আৰু উত্তেজিত কৰা বুলিও জনাইছে । সেয়েহে সংগঠনটোৱে আবেদনৰ জড়িয়তে ৰ ঘটনাৰ সম্পৰ্কত ন্যায়লয়ৰ তৎক্ষণিক হস্তক্ষেপ বিচাৰিছিল যাতে দোষীসকলৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহন কৰি এই যুঁজৰ পুনৰাবৃত্তি ৰোধ কৰিব পৰা যায়।  

উল্লেখ্য যে অসম চৰকাৰে ২০২৩ চনৰ ডিচেম্বৰ ২৭ তাৰিখে জাৰি কৰা এক ঘোষণাৰে পৰৱৰ্তী জানুৱাৰীত মাহত হ’ব লগা ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে অনুমোদন আৰু নিৰ্দেশাৱলী জাৰি কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়লয়ে ইতিমধ্যেই অসম চৰকাৰৰ এই নিৰ্দেশাৱলী নাকচ কৰিছিল । উচ্চ ন্যায়লয়ৰ মতে অসম চৰকাৰে জাৰি কৰা এই নিৰ্দেশাৱলী ২০১৪ চনত ভাৰতৰ উচ্চতম ন্যায়লয়ে পশুক প্ৰদৰ্শনীৰ বাবে ব্যৱহাৰ নিষিদ্ধ কৰি দিয়া ৰায়দানকো উলংঘন কৰিছিল । 

এই সকলোবোৰ নিৰ্দেশৰ পিচতো কৰি অসমত চলিত বছৰত এনে অনুষ্ঠান অনুষ্ঠিত হোৱা অভিযোগ উঠিছে ।  পিটাৰ আবেদনৰ শুনানীৰ পিচতেই গুৱাহাটী উচ্চ ন্যায়লয়ে এতিয়া ম’হৰ যুঁজ বন্ধ কৰিবৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিছে ।

ম’হ বোৰক নিৰ্যাতন পৰা ৰক্ষা কৰাৰ বাবে স্পষ্ট নিৰ্দেশ দিয়াৰ বাবে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতি কৃতজ্ঞ । ভয়ত আতঙ্কিত পশুক ৰক্তাক্ত কৰি মানুহৰ বিনোদনৰ বাবে প্ৰদৰ্শন কৰা কাৰ্য আধুনিক সমাজত নাথাকে বুলি পিটা ইণ্ডিয়াৰ জেষ্ঠ নীতি আৰু আইনী উপদেষ্টা বিক্ৰম চন্দ্ৰৱানশীয়ে মন্তব্য কৰিছে ।  ম’হৰ যুঁজ স্বভাৱিকতে অতি নিষ্ঠুৰ আৰু অহিংসা নীতিৰ বিপৰীত বুলিও পিটা ইণ্ডিয়াই পুনৰ উল্লেখ কৰিছে ।

*********