বোকাখাতৰ বৰভেটা গাওঁত ৰাষ্ট্ৰ সংঘৰ পৰিৱেশ কাৰ্যসুচীৰ জৈৱবৈচিত্ৰ বিভাগৰ সঞ্চালক চুচান গাৰ্ডেনাৰ ⦂
Aiidesh News : 23 March - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসুচীৰ জৈৱতন্ত্ৰৰ বিভাগৰ সঞ্চালক চুচান গাৰ্ডনাৰে আজি বোকাখাতৰ বৰভেটা গাওঁ ভ্ৰমন কৰে ৷ বৰভেটা গাওঁৰ পাৰিপাৰ্শ্চিক উন্নয়ন সমিতিৰ দ্বাৰা আয়োজিত এক সভাত অংশগ্ৰহন কৰে ৷ সঞ্চালক গৰাকীয়ে বৰভেটা গাওঁৰ জনসাধাৰণৰ লগত বাৰ্তালাপ কৰাৰ উপৰিও ৰাতুল বৰা নামৰ কৃষক গৰাকীৰ বাসগৃহলৈ গৈ কৃষক জনৰ উদ্ভিদ উদ্যান আৰু পাচলি খেতিৰো পৰিদৰ্শন কৰে ৷ কৃষক পৰিয়ালটোক চুচান গাৰ্ডেনাৰে মেহগনি গছৰ পুলিও প্ৰদান কৰে ৷ গাওঁখনৰ মহিলা সকলে পাৰিপাৰ্শ্চিক উন্নয়ন সমিতিৰ উদ্যোগত ভোট জলকীয়াৰ আচাৰ প্ৰস্তুত কাৰ্যও পৰিদৰ্শন কৰে ৷ বিদেশী সঞ্চালক গৰাকীক স্থানীয় লোকৰ উপৰিও কাজিৰঙা কৰ্তৃপক্ষৰ তৰফৰ পৰা ফুলাম গামোছা আৰু স্থানীয় শিপিনীয়ে বনোৱা ফুলৰ চানেকীৰে আদৰণি জনোৱা হয় ৷
বৰভেটা গাওঁত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তত্বাৱধানত অসম কৃষি বনানিকৰণ উন্নয়ন আয়োগৰ সহযোগিতাত ৰূপায়ন কৰিবলৈ লোৱা প্ৰকল্পৰ আলোচনাৰ বাবে আয়োজিত সভাত চুচান গাৰ্ডনাৰৰ উপৰিও তেওঁ বিশেষ সচিব মাইকেল আলেকজেণ্ডাৰ, প্ৰকল্প বিষয়া ৰীয়া মালহোট্ৰা, কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, অসম কৃষি বনানিকৰণ উন্নয়ন আয়োগৰ বিষয়া মৃগেন বৰুৱা, বিত্তীয় সচিব বিপ্লৱ মহন্ত, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, সোনাপুৰৰ উদ্যোগী মহিলা ব্যৱসায়ী চয়নিকা ডেকা, ইক’ নামৰ সংগঠনৰ নীলয় বৰা, কৃষি বিভাগৰ উপ সঞ্চালক অলকানন্দ কাকতী, পৰিৱেশ কৰ্মী উত্তম শইকীয়া, অৱসৰ প্ৰাপ্ত কৃষি বিষয়া পুতুল বৰাৰ উপৰিও বৰভেটা গাওঁৰ নেতৃস্থানীয় ব্যক্তি ধৰ্মেশ্বৰ কুৰ্মী, শংকৰ কৰ্মকাৰ, ৰাম চন্দ্ৰ দৰাৰ লগতে গাওঁ বাসীয়ে অংশ গ্ৰহন কৰে ৷
কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা সভা খন আৰম্ভনীতেই গাওঁখনৰ ঝুমই দলৰ সদস্য সকলে ঝুমই নৃত্যৰে অতিথি সকলক আদৰি আনে ৷ অনুষ্ঠানতে অসম কৃষি বনানিকৰণ উন্নয়ন আয়োগৰ তৰফৰ পৰা বৰভেটা গাওঁৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিক কৃষি বনানিকৰণ প্ৰকল্পৰ বাবে ৬.৮৯ লাখ টকাৰ এখন চেক প্ৰদান কৰে ৷ সভাত উপস্থিত থকা অতিথি সকলে গাওঁখনত ৰূপায়ন কৰিবলৈ লোৱা কৃষি বনানিকৰণ প্ৰকল্পৰ উপৰিও কুকুৰাৰ কনী উৎপাদন গোট, কাঠফুলাৰ খেতি , সাচি গছ ৰোপণ আদি কাৰ্যৰ বাবে গাওঁবাসীক বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ সভাত ভাষণ দি ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ জৈৱতন্ত্ৰৰ বিভাগৰ সঞ্চালক চুচান গাৰ্ডনাৰে বৰভেটা গাওঁবাসীৰ আতিথ্য আৰু উদ্যোমিতাক প্ৰশংসা কৰাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ পৰিবেশ আঁচনিতো বৰভেটা গাওঁক অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰে ৷ গাওঁবাসীৰ হৈ ধৰ্মেশ্বৰ কুৰ্মীয়ে সঞ্চালক গৰাকীক কৃতজ্ঞতা প্ৰদান কৰাৰ লগতে গাওঁখনৰ কৃষি পথাৰৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ কৰ্তৃপক্ষ প্ৰদান কৰা সৌৰ চালিত বেৰাৰ বাবে সঞ্চালক ড০ সোনালী ঘোষক ধন্যবাদ জনায় ৷
**********