বোকাখাতৰ ৰজাবাৰীত বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহু বিচাৰকৰ দুদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত :

বোকাখাতৰ ৰজাবাৰীত বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহু বিচাৰকৰ দুদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত :
Aiidesh Photo

Aiidesh News : 11 April -2024 : 

বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ উদ্যোগত, বোকাখাত মহকুমা, ৰজাবাৰী আৰু খতিয়াখলি শাখা মহিলা মঞ্চৰ আতিথ্যত, কেন্দ্ৰীয় সমিতিৰ প্ৰশিক্ষকৰ দ্বাৰা ৰজাবাৰী অংকুৰণ সাহিত্য সভাৰ ভৱনত ‘বিহু বিচাৰকৰ প্ৰশিক্ষণ’ দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ এই উপলক্ষে ৮ এপ্ৰিলত প্ৰথম দিনা বিহু বিচাৰকৰ কৰ্মশালাত বন্তি প্ৰজ্বলন কৰে বিহু সুৰক্ষা সমিতিৰ বিদ্যায়তনিক সদস্য কনক দলেই ৷ পৰৱৰ্তী সময়ত ওজা ধনেশ্বৰ শইকীয়াই উদ্ধোধন কৰা প্ৰথম দিনৰ কৰ্মশালা সঞ্চালনা কৰে মনো বৰাই । কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে গোলাঘাট জিলাৰ সম্পাদক তথা বৰবিষয়া  খগেন নাওশলীয়া ফুকনে আৰু বিহু সুৰক্ষা সমিতি অসমৰ সাংস্কৃতিক বিভাগৰ সম্পাদক জিতুল ঠেঙাল শইকীয়া ৷ সমল ব্যক্তি সকলে নাচনীৰ ৰিহা সম্পৰ্কে কয় । 

দ্বিতীয় দিনা ৯ এপ্ৰিলত বিশিষ্ট ওজা ধনেশ্বৰ শইকীয়া আৰু চেনিৰাম গগৈয়ে সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিহুত বৰহমথুৰি ,ইলাচি পাত আদি কেইবাবিধো গছৰ পাতৰ সম্পৰ্কত অংশগ্ৰহনকাৰী সকলক পৰিচয়  কৰাই দিয়ে ৷ কৰ্মশালাত উপস্থিত থাকি   বিহু সুৰক্ষা সমিতি অসমৰ প্ৰধান সম্পাদক ৰেৱ বৰাই বিচাৰকৰ আসনখন বিহুৰ মঞ্চত অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি৷ বিহু বিচাৰকৰ দায়িত্ব আৰু নিয়মাৱলীৰ বিষয়ে সম্যক বৰ্ণনা দাঙি ধৰে । কৰ্মশালাত ২৫ উৰ্দ্ধৰ প্ৰায় ৫০ গৰাকী পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে ৷

********