শিল্পী জুবিন গাৰ্গৰ নামত পখিলাৰ নতুন প্ৰজাতিৰ নাম : ইউথালিয়া (লিম্বুসা) জুবিনগাৰ্গি নামেৰ নাম দিয়া এই পখিলাতো অৰুণাচলত চিনাক্ত কৰিছে অসমৰ যুৱকে :
Aiidesh News : 27 March - 2026 :
অসমৰ এজন যুৱকে অৰুণাচলৰ লেপাৰাডা জিলাৰ বাসাৰত ব্ৰাছ ফুটেড পৰিয়ালৰ এটা নতুন প্ৰজাতি পখিলা চিনাক্ত কৰি উলিয়াইছে । ৰচন উপাধ্যায় আৰু ডা০ কেলেশ সদাশিৱন নামৰ গৱেষকদ্বয়ে চিনাক্ত কৰি প্ৰকাশিত তেওঁলোকৰ গৱেষণাৰ প্ৰতিবেদনত এই নতুন প্ৰজাতিৰ পখিলাক ইউথালিয়া (লিম্বুসা) জুবিনগাৰ্গি নামেৰে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰ পিচত এজোপা উদ্ভিদৰ পিচতেই এটা নতুন প্ৰজাতিৰ পখিলাক শিল্পী গৰাকীৰ নামেৰে নামাকৰণ কৰা কাৰ্যই শিল্পী গৰাকীলৈ জনোৱা সন্মান আৰু গুৰুত্বও বহন কৰিছে । পখিলাৰ নাম ইউথালিয়া (লিম্বুসা) জুবিনগাৰ্গি নামকৰণে জুবিন গাৰ্গৰ অসমীয়া সংগীত আৰু সংস্কৃতিৰ অবদানক সন্মান জনাবলৈ কৰা হৈছে বুলি গৱেষক ৰোচন উপাধ্যায়ে জনায় ।
ৰোচন উপাধ্যায় তিনিচুকীয়াৰ যুৱক যদিও বৰ্তমান অৰুনাচল প্ৰদেশৰ আৰক্ষীৰ কনিষ্টৱল হিচাবে বাসাৰত কৰ্মৰত । পখিলাক ভালপোৱা যুৱক জনে এতিয়া পখিলাৰ ওপৰতে পাঞ্জাৱৰ ৰিজ’নেল ইনষ্টিটিউত অৱ মেনেজমেন্ট এণ্ড টেকন’লজিত গৱেষণা কৰি থকা বুলি জনাইছে । কেৰেলাৰ চিকিৎসক ডা০ কালেশ সদাশিৱন নামৰ এগৰাকী চিকিৎসৰ লগত যৌথভাৱে এই নতুন প্ৰজাতিৰ পখিলাটোত অৰুণাচলত চিনাক্ত কৰিবলৈ সক্ষম হোৱা বুলিও ৰোচন উপাধ্যায়ে জনায় । তেওঁ লোকে চিনাক্ত কৰা ইউথালিয়া (লিম্বুসা) জুবিনগাৰ্গি নামৰ পখিলাতোৰ সৱিশেষ আজি কেৰেলাৰ পৰা প্ৰকাশিত এনট’মন নামৰ বৈজ্ঞানিক জৰ্নাল খনত প্ৰকাশ হৈছে ।উত্তৰ পুৰ্বাঞ্চলৰ পখিলা বিশেষজ্ঞ ড০ মুনচুন গগৈয়ে জনোৱা মতে ব্ৰাছ ফুটেড পৰিয়ালৰ পখিলাবোৰ সচৰাচৰ অৰুণাচলৰ বাসাৰ অঞ্চলত পোৱা যায় । এই পৰিয়ালৰে নতুন প্ৰজাতি আৱিস্কাৰে পখিলাৰ ক্ষেত্ৰখনলৈ সন্মান কৰিয়াি আনিছে বুলিও তেওঁ মন্তব্য কৰে । ৰোচন উপাধ্যায় আৰু তেওঁ সহযোগীয়ে ইউথালিয়া (লিম্বুসা) জুবিনগাৰ্গি নামৰ এই নতুন প্ৰজাতি পখিলা বিধৰ মাত্ৰ দুটাহে নমুনা পাইছে । যাৰ বাবে এই প্ৰজাতিৰ পখিলা অতি দুর্লভ বুলিও প্ৰমানিত হৈছে । শিল্পী জুবিন গাৰ্গৰ নামত ইউথালিয়া (লিম্বুসা) জুবিনগাৰ্গি নামৰ নতুন পখিলাৰ আজি নামাকৰণ হোৱাৰ আগতে জুবিন গাৰ্গৰ নামত অ’সবেকিয়া জুবিনগাৰ্গিয়ানা নামৰ এক নতুন উদ্ভিদ প্ৰজাতিও বৰ্ণালী দাস, প্ৰশৱ পুলপ্ৰা আৰু নমিতা দাসে অসমৰ পৰাই চিনাক্ত কৰি উলিয়াই নামকৰণ কৰিছিল ।
*********



