নিয়মিতভাৱে শাৰীৰিক ব্যায়াম-চৰ্চা অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

নিয়মিতভাৱে শাৰীৰিক ব্যায়াম-চৰ্চা অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

'ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ বাতিল নাইবা পিছুৱাই দিয়াত অসমৰ খেলুৱৈসকলৰ যথেষ্ট ক্ষতি হৈছে। কালি সন্ধিয়া অসমৰ কেইগৰাকীমান উদীয়মান খেলুৱৈ আৰু অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লকডাউনৰ সময়ছোৱাত খেলুৱৈসকলে নিজকে কেনেদৰে প্ৰস্তুত কৰিছে, সেই বিষয়ে বুজ লোৱাৰ লগতে

'ভিড-১৯ক প্ৰতিহত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ  অৱগত কৰে লগতে, এই প্ৰতিকূল সময়তো যাতে খেলুৱৈসকলে আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে প্ৰস্তুতি চলাই যাব পাৰে, তাৰ বাবে সকলোধৰণৰ সহায়ৰ আশ্বাস দিয়ে। নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰি নিজকে সুস্থ-সবল কৰি ৰখাৰ লগতে সামাজিক দূৰত্ব পালন কৰিবলৈও  আহ্বান জনায়।