বোকাখাতৰ ৰজাবাৰীত জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে বোকাখাত জিলা সমিতিৰ উদ্যোগত সম্প্ৰীতিৰ বাৰ্তাৰে ব’হাগ নামেৰে ব'হাগ বিহু উদযাপন :
Aiidesh News : 15 April - 2026 :
অসমীয়া জাতিৰ লোক সংস্কৃতিৰ দাপোন, সম্প্রীতি আৰু কৃষিজীৱি ৰাইজৰ সৃষ্টিৰ উৎসাহ জাতীয় উৎসৱ ৰঙালী বিহুৰ উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে বোকাখাত জিলা সমিতিৰ উদ্যোগত ৰজাবাৰী আঞ্চলিক সমিতিৰ আতিথ্যত আজি সম্প্ৰীতিৰ বাৰ্তাৰে ব’হাগ নামেৰে ব’হাগৰ প্ৰথম দিনটো পৰম্পৰাগত ভাৱে পালন কৰা হয় । বোকাখাত সমজিলাৰ ৰজাবাৰী আঞ্চলিক নাট্যমন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসুচীৰে উদযাপিত এই কাৰ্যসুচীৰ পুৱাতে ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি হেমন্ত বৰাই । প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰে বোকাখাত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক ধ্ৰুৱজ্যোতি হাজৰিকাই । সতীৰ্থ স্মৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নীলোৎপল খাউণ্ডে ।
আৰু বোকাখাত জিলা সমিতিৰ উপদেষ্টা বিপুল বৰাই আঁত ধৰা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সভাপতি জিতু শৰ্মা ৰাজখোৱাই । উদ্বোধনী কাৰ্যসুচীত কুৰুৱাবাহীৰ জেতুকা হুঁচৰিদলে হুঁচৰি পৰিবেশন কৰে । এই অনুষ্ঠানতে বোকাখাতৰ বিভিন্ন ক্ষেত্ৰৰ বয়োজেষ্ঠ আৰু বিশিষ্ট ব্যক্তিক থুৰীয়া তামোল দি সেৱা কৰি পম্পৰাগত ভাৱে জ্যেষ্ঠ জনৰ আর্শীবাদ গ্রহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বোকাখাত জিলা সমিতিৰ কৰ্মকৰ্তা সকলে । সম্বৰ্ধিত সকলৰ হৈ বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই ছাত্ৰ পৰিষদৰ এই পদক্ষেপৰ শলাগ লয়।সকলোকে ফুলাম গামোছা আৰু স্মাৰকো প্ৰদান কৰা হয় ।অনুষ্ঠানত কৰ্নাটকৰ দুগৰাকী গৱেষক থমাচ আৰু মাৰ্চীয়ে পথৰ কাষত হোৱা বিহুৰ কাৰ্যসুচী দেখি অনুষ্ঠানত উপস্থিতত থাকি বিহু উপভোগ কৰে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা দুয়োকে ফুলাম গামোছা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায়।
ইফালে বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগতো বোকাখাত পৌৰসভাৰ বৰাগাওঁ বৰ নামঘৰত নিজৰ দিন হিচাবে বহ’গৰ প্ৰথম দিনটো উদাপন কৰে । একেদৰে পুৱ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ সমিতিৰ উদ্যোগত গড়মুৰ হাইস্কুল খেলপথাৰত আজি আমাৰ দিন উদযাপন কৰা হয় । মায়াবিনী গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰি আৰম্ভ হোৱা এই অনুষ্ঠানত বিভিন্ন দলে হুঁচৰি পৰিৱেশন কৰে । আমাৰ দিনৰ এই অনুষ্ঠানতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উৰ্তীণ হোৱা গড়মুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীকো বসন্ত উৎসৱ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
********



