দ্ৰোণৰ সহায়ত দেশৰ দুৰ্গম অঞ্চলৰ দৰিদ্ৰ আৰু বয়োবৃদ্ধক  ঔষধ আৰু অন্যান্য চিকিৎসা সঁজুলি যোগান

দ্ৰোণৰ সহায়ত দেশৰ দুৰ্গম অঞ্চলৰ দৰিদ্ৰ আৰু বয়োবৃদ্ধক  ঔষধ আৰু অন্যান্য চিকিৎসা সঁজুলি যোগান

প্ৰশান্ত মহাসাগৰৰ দাঁতিত অৱস্থিত Chile এখন পৃথিৱীৰ উন্নত আৰু প্ৰাকৃতিক মনোমোহক ৰাষ্ট্ৰ। 1810 চনত চিলীয়ে স্পেইনৰ পৰা স্বাধীনতা লাভ কৰিছিল। ইজিপ্ততকৈ পুৰণি অৰ্থাৎ 5050 খ্ৰীষ্ট পূৰ্বৰ এক Mummy চিলীত আৱিষ্কাৰ কৰা হৈছে। ব্ৰাজিলৰ পিছতেই পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম ( উত্তৰৰ পৰা দক্ষিণলৈ অৱস্থিত ) দেশখন হৈছে চিলী।

সম্প্ৰতি, ক'ৰোনা ভাইৰাছে গোটেই বিশ্বত সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে চিলীৰ চৰকাৰে এক অভিনৱ পদ্ধতিৰে Drone ৰ সহায়ত দেশখনৰ দুৰ্গম অঞ্চল সমূহত বসবাস কৰা দৰিদ্ৰ আৰু বয়োবৃদ্ধ লোক সকললৈ ঔষধ আৰু অন্যান্য চিকিৎসা সঁজুলি যোগান ধৰিছে। Landing Gear যুক্ত 4 টা প্ৰপেলাৰ সম্পন্ন Drone ৰ যোগেদি চিলীয়ে কম খৰছত আৰু কম সময়ৰ ভিতৰত দেশৰ দুৰ্বল শ্ৰেণীৰ লোক সকলৰ বাবে ঔষধ, মাস্ক আৰু Hand Sanitizer প্ৰেৰণ কৰিছে।

ক'ৰোনা ভাইৰাছ প্ৰথম চিনাক্ত হৈছিল চীনত । Covid 19 ৰোগ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ চীনে পূৰ্বতে খেতি পথাৰত কীটনাশক দ্ৰব্য চটিওৱাৰ বাবে ব্যৱহাৰ কৰা Drone সমূহক বৰ্তমান ৰাজহুৱা স্থান , বাট পথ , খেল পথাৰ আদিত বীজাণু নাশক কেমিকেল চটিওৱাৰ কামত ব্যৱহাৰ কৰিছে।

দ্বিতীয়তে, দক্ষিণ আমেৰিকাৰ দেশ চিলীত বৰ্তমান 12,872 গৰাকী লোক Covid 19 ত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত 181 গৰাকী ৰোগীৰ মৃত্যু ঘটিছে। চিলীৰ চৰকাৰে দেশখনৰ জনসাধাৰণক এই বিপদৰ সময়ত অৰ্থনৈতিকভাৱে সকাহ দিবলৈ GDP ৰ 4.7% ধন অৰ্থাৎ $ 11.8 বিলিঅন ডলাৰৰ এক পেকেজ ঘোষণা কৰিছে।