ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

এই দেশ ধুবুৰীঃধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ সংবাদ মেলত কয় যে যোৱা ৫ তাৰিখৰ পিছত আমাৰ বাহিৰৰ পৰা প্ৰায় ২৩ হাজাৰ ব্যক্তি ৭, ১০দিন লৈকে কোৰাৱেইন্টাইন কৰিছিলো। ইতিমধ্যে ১৬ হাজাৰ ১৬৩ গৰাকী ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছে। লগতে ১৬৬২৫ জন ব্যক্তিক নমুনা সংগ্ৰহ কৰিছিলো। ইয়াৰে ১৬৫৩ টা নিগেটিভ ফলাফল আৰু ৫৭ টা পজিটিভ আহিছে। ৩৭০৩টা ফলাফল অহাৰ বাকী আছে। যি সকলে ধুবুৰীৰ কোৰাইন্টাইন চেন্টাৰত আছে কিন্তু টেষ্ট হোৱা নাই, ইতিমধ্যে গুৱাহাটিৰ পৰা টেষ্ট লবৰ বাবে মেডিকেল টীম ধুবুৰীত আহিছে বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। আজি আৰু কালিৰ ভিতৰত গোটেই নমুনা বিলাক সংগ্ৰহ কৰি সোনকালেই ফলাফল উলিৱাব পাৰিম বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰকীয়ে।লগতে ৬ মাহৰ ভিতৰত ধুবুৰী মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হব বুলি জনায়।