বিধায়ক আমিনুলৰ জামিন আৱেদন নাকচ

বিধায়ক আমিনুলৰ জামিন আৱেদন নাকচ
জামিন আৱেদন নাকচ

কৰ’না ভাইৰাছ সংক্রমণ প্রতিৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে দিল্লীৰ নিজামুদ্দিন মার্কাজত তবলিগী জামাতত অংশ লোৱা লোকসকলক কৰা কুৱাৰেণ্টাইন প্রক্রিয়াক সাম্প্রদায়িক ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন আৱেদন নাকচ কৰিছে গুৱাহাটী উচচ ন্যায়ালয়ে৷ আজি ন্যায়ালয়ে তেওঁৰ আৱেদন নাকচ কৰে৷

নগাঁৱৰ আৰক্ষীয়ে তেওঁক যোৱা ৬ এপ্রিলত গ্রেপ্তাৰ কৰিছিল৷ নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পাছত আদালতে বিধায়কজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছিল৷ আজি উচচ ন্যায়ালয়ে তেওঁৰ জামিন আৱেদন নাকচ কৰি অহা ১৮ এপ্রিলত তেওঁৰ আৱেদনৰ পৰৱর্তী শুনানিৰ দিন ধার্য কৰে৷

উল্লেখযোগ্য যে তেওঁ নিজামুদ্দিনৰ জামাতৰ পৰা অহা লোকসকলৰ কুৱাৰেণ্টাইনত থকা আৰু চিকিৎসাধীন লোকসকলক চৰকাৰে হত্যা কৰাৰ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷

আনহাতে, তেওঁলোক নিৰোগী আৰু কেৱল সাম্প্রদায়িক আক্রমণৰ লক্ষ্যৰে ৰোগী সজাই এনে কৰা বুলি অভিযোগ কৰাৰ লগতে কুৱাৰেণ্টাইনত থকা লোকসকলক ডেজিগনেটেড শিবিৰত ৰখাতকৈ বেছি বেয়া অৱস্থাত ৰখা বুলি উল্লেখ কৰি চৰকাৰৰ সদিচছাক সাম্প্রদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছিল৷ তাৰ পাছতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰা হৈছিল৷