কাজিৰঙাত নিশা কটায় বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ :

কাজিৰঙাত নিশা কটায় বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ  :
Photo : Uttam Saikia
কাজিৰঙাত নিশা কটায় বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ  :

কাজিৰঙাত নিশা কটায় বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ  : 


AIIDESH . NEWS : 13 May :


কাজিৰঙাত উচ্চ পৰ্যায়ৰ বৈঠকত অংশ গ্ৰহন কৰি অসম আৰক্ষীৰ কহঁৰাত থকা অতিথিশালাত নিশাটো কটায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বোকাখাতৰ ধনশিৰিমুখত মথাউৰি নিৰ্মান কাৰ্য পৰিদৰ্শন কৰে ৷ এচিয়ান ডেভিলপমেন্ট বেংকৰ অৰ্থ সাহাৰ্য্যৰে নিৰ্মিত মৰিয়োহোলাৰ  ডিফলুপথাৰ সংযোগী এই ২৩ কিঃমিঃ দৈঘ্যৰ মথাউৰিটোৰ নিৰ্মান কাৰ্য পৰিদৰ্শনৰ সময়ত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ,সাংসদ কামাখ্যা প্ৰসাদ তাচাই মুখ্যমন্ত্ৰীক সংগ দিয়ে ৷ নিৰ্মানথলী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে বানপানী অহাৰ আগেয়ে মে'ৰ ৩০ তাৰিখৰ ভিতৰত সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক ৷ কভিড ১৯ ৰ সংক্ৰমনৰ সময়ত কেন্দ্ৰীই ২০ লাখ কোটি টকাৰ পেকেজৰ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কভিড ১৯ সংক্ৰমনৰ সৈতে যুঁজৰ সমান্তৰালকৈ  দেশে আত্ম নিৰ্ভৰশীল হ'বৰ বাবেও যুঁজিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ ইফালে মুখ্যমন্ত্ৰীৰ লগত মথাউৰি পৰিদৰ্শনৰ কৰা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ ১৮ খন জিলাত ৩৮ টা মথাউৰি নিৰ্মান হৈ থকাৰ তথ্য প্ৰকাশ কৰে ৷ মন্ত্ৰী জনে মথাউৰি সমুহৰ নিৰ্মান সম্পূৰ্ণ নহলেও বিপদজনক স্থান সমুহৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে  ৷ মথাউৰি নিৰ্মানৰ পাচতেই মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰলৈ বুলি যাত্ৰা কৰে ৷