আশী শতাংশলৈ হ্রাস পৰিভ্রমী পক্ষীৰ সংখ্যা

আশী শতাংশলৈ হ্রাস পৰিভ্রমী পক্ষীৰ সংখ্যা
পৰিভ্রমী পক্ষী

বিগত ২০০০ বর্ষৰ পৰা চলিত ২০২০ বর্ষৰ ভিতৰত অসমলৈ অহা প্রব্রজনকাৰী পক্ষীৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাস পাইছে৷ অৰণ্য সুৰক্ষা সমিতি, অসমে নমুনা ভিত্তিত কৰা এক অধ্যয়নৰ আধাৰত এই তথ্য সদৰী কৰিছে৷

উল্লেখ্য যে অসমৰ নদনদী, বিলখাল,  ডোং আদিলৈ বছৰি কোটিৰো অধিক প্রব্রজনকাৰী পক্ষীৰ আগমন হয় যদিও তীব্র গতিত ক্রমান্বয়ে হ্রাস পাই আহিছে ইয়াৰ সংখ্যা৷