কামপুৰত বহি: ৰাজ্যৰ বেংক বিষয়াৰ অতপালি

ৰাজ্যত হিন্দী বলয়ৰ দপদপনি চলি থকাৰ সময়তে এইবাৰ কামপুৰত এজন বহি:ৰাজ্যৰ বেংক বিষয়াই কামপুৰৰ এখন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীক অপমান কৰা কায্যত কামপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া কামপুৰ শাখাৰ বেংক বিষয়া ঋতেশ কুমাৰে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা সহিতে পাচজন শিক্ষক- শিক্ষয়িত্ৰীৰ নামত কোনো আগতীয়া জাননী নিদিয়াকৈ ফটো সম্বলিত বেনাৰ আৰি ঋন আদায়ৰ নিৰ্দেশ দিছিল লগতে বিদ্যালয় খনৰ নামো উল্লেখ কৰিছিল বেনাৰত। যাৰ বাবে কামপুৰৰ ঐতিহ্য পূৰ্ণ বিদ্যালয় খনৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী সকলক অপমানিত কৰা বুলি অভিযোগ আনি কামপুৰৰ কেইবাটাও দল সংগঠনকে ধৰি কামপুৰৰ কেইবাগৰাকীও সচেতন যুৱকে বেংক বিষয়াজনক ঘেৰাও কৰে।  ৰাইজে বেংক বিষয়াজনক উপযুক্ত তথ্য বিছৰাত তেওঁ দিব নোৱাৰাৰ বাবে বেংকত উপস্থিত থকা শিক্ষক- শিক্ষয়িত্ৰী সকলৰ লগতে কামপুৰীয়া ৰাইজ উত্তেজিত হৈ পৰে। পিছত বেংকটোৰ ভিতৰত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থুলীয়া পৰিৱেশৰ মাজত আৰক্ষী উপস্থিত হয় বেংকটোত। দীৰ্ঘসময় ধৰি বেংকটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিৰ পিছত বেংক বিষয়াজনে শিক্ষকসকলৰ লগতে কামপুৰৰ ৰাইজক ক্ষমা খুজাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।