বিশ্বনাথত ঢেকীয়াপতীয়া বাঘৰ দেহাংশৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত দুধৰ্ষ চোৰাংচিকাৰী গ্ৰেপ্তাৰ :

বিশ্বনাথত ঢেকীয়াপতীয়া বাঘৰ দেহাংশৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত দুধৰ্ষ চোৰাংচিকাৰী গ্ৰেপ্তাৰ :
Photo - FD

Aiidesh News : 20 April - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ গমিৰিত থকা সংমণ্ডলটোৰ পুৱ বনাঞ্চল আৰু অপৰাধ অনুসন্ধান বনাঞ্চলে ১৮ এপ্ৰিলত এক যৌথ অভিযানত চলায় । এক গোপন সূত্ৰৰ আধাৰত চলোৱা এই অভিযানত ঢেকীয়াপতীয়া বাঘৰ দেহৰ অংগৰ  গোপন ব্যৱসায়ৰ সৈতে জড়িত এজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । অপৰাধী জন বিশ্বনাথ জিলাৰ গহপুৰ থানাৰ এলেকাধীন আঠাইশচহৰীয়া গাওঁৰ ৰত্নকান্ত পেগু বুলি বন বিভাগে জনাইছে । ধৃত অপৰাধী জন পুৰ্বৰ ঢেকীয়াপতীয়া বাঘৰ অংগৰ ব্যৱসায়ৰ ER/02-2025 নম্বৰ গোচৰত জড়িত আছিল আৰু বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা পলাতক হৈ আছিল ।  বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ পৰা তথ্য মতে ধৃত 

ৰত্নকান্ত পেগু ২০১৯ চনৰ পৰা ২০২৪ চন পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত সংঘৰ্টিত একাধিক গঁড়ৰ চোৰাংচিকাৰ ঘটনাতো জড়িত আছিল ।  সম্প্ৰতি ঘটনাৰ অধিক তথ্যৰ বাবে ধৃত অপৰাধীৰ জেৰা আৰু যাৱতীয় অনুসন্ধান চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই ।

*********