বিভিন্ন সংগঠনৰ উদ্যোগত বোকাখাতত আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ অনুষ্ঠান :
Aiidesh News : 8 March - 2026 :
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বোকাখাততো বিভিন্ন সংগঠনে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে । বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বোকাখাতৰে বিষ্ণুপুৰ মহিলা সমিতি, বৰাগাওঁ মহিলা সমিতি, ভোজপুৰী মহিলা সমিতি, সাৰদা সেৱা সমিতি আৰু খতিয়াখলি লেখিকা সমাৰোহ সমিতিৰ সহযোগত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন কৰে । এই অনপষ্ঠানৰ পূৱা পতাকা উত্তোলন কৰে সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অনুৰাধা বৰদলৈয়ে । সমিতিৰ প্ৰতিষ্ঠাতা প্ৰেৰণাময়ী, সেৱাব্ৰতা অন্নদা শইকীয়াৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে । স্মৃতি তৰ্পণ কৰে কল্পনা চেতিয়াই । বৰাগাওঁৰ মহিলা আৰু সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলে দিহা নাম পৰিৱেশন কৰে । পৰৱৰ্তী সময়ত অনুৰাধা বৰদলৈৰ পৌৰহিত্বত মুকলি সভা অনুষ্ঠিত হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বোধেশ্বৰী বৰাই । আদৰণি ভাষণ আগবঢ়াই সম্পাদিকা ৰীনা শইকীয়াই । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড০ ৰুবী বৰা আৰু জ্যেষ্ঠ অধিবক্তা ৰাজীৱ উজীৰ । এই অনুষ্ঠানতে ড০ বিভা বৰাৰ গ্ৰন্থ "অহল্যাবাই " উন্মোচন কৰে অনুৰাধা বৰদলৈয়ে। অনুৰাধা বৰদলৈৰ কবিতা পুথি উন্মোচন কৰে কবি সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰে । শতাধিক মহিলাৰ উপস্থিত থকা অনুষ্ঠানত গীত মাত আৰু কবিতা পাঠেৰে সঁজোৱা হয় । অনুষ্ঠানৰ আঁত ধৰে সম্পাদিকা ৰীনা শইকীয়াই ।
ইফালে বোকাখাতৰ নাট্যমন্দিৰৰ পুজা মণ্ডপ প্ৰেক্ষাগৃহত অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটুৱাৰ বোকাখাত শাখাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত হয় । অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে বোকাখাত শাখাৰ সভানেত্ৰী লক্ষ্মীতা ৰবিদাসে আৰু স্মৃতি তর্পণ কৰে মনিষা তাঁতীয়ে । পৰৱৰ্তী সময়ত আয়োজন কৰা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অনাতাঁৰ শিল্পী হাতীখুলি চাহ বাগিছাৰ নুনুসিং কৰ্মকাৰে । দুপৰীয়ালৈ অসম চাহ জনজাতি মহিলা সমিতিৰ বোকাখাত শাখাৰ সভানেত্ৰী লক্ষ্মীতা ৰবিদাসৰ পৌৰহিত্যত আৰু সম্পাদিকা মনিষা তাঁতীয়ে উদ্দেশ্য বাখ্যা কৰা মুকলি সভাতে বোকাখাত সমজিলাৰ শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ কৃৰ্তি শিক্ষয়ত্ৰী নন্দিতা ৰাজপুত, সমৰ কলাৰ নৰ্থ ইষ্টৰ চেম্পিয়ন বিহৰা চাহ বাগিছাৰ গুড্ডী তাঁতী আৰু কঁহৰাৰ প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ী পিংকী মাঝিক অসম চাহ জনজাতি মহিলা সমিতিৰ বোকাখাত শাখাৰ তৰফৰ পৰা আন্ত: ৰাষ্ট্ৰী নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশেষ ভাৱে সম্বর্ধনা জনোৱা হয়। মুকলি সভাত নিদিৰ্ষ্ট বক্তা বিচাবে উপস্থিত থাকে স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা মনালিছা বৰগোঁহাই । আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে মনিমালা পাটগিৰি,
আটুৱাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভানেত্ৰী… কৃৰ্তি শিক্ষয়ত্ৰী তথা বোকাখাত জিলা পৰিষদৰ সদস্যা মামনী গাজলু, প্ৰতিষ্ঠাপক সম্পাদিকা তথা সাহিত্যিক পেঞ্চনাৰ চম্পা মাঝি মামনী গাজলু, চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাতৰ সভাপতি মন্টু চুতীয়া, সম্পাদক লাচিত কাকতী, গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সম্পাদক ৰূদ্ৰ ছেত্ৰী, আটচাৰ গোলাঘাট জিলাৰ সভাপতি সুশীল কালিন্দি, জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক, আটুৱা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা লেখামনি কালিন্দি, লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া দেৱাহুতি ডেকা, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদিকা গীতাঞ্জলি কলিতা আৰু বিশিষ্ট কবি মনালিছা শইকীয়া আৰু আটচাৰ বোকাখাত সমিতিৰ সভাপতি অমৃত সাগৰ আৰু সম্পাদক কৃষাণ তাঁতী উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বোকাখাত নগৰত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৰ্ষণ কৰে।
***********







