ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত হৃত্বিক ৰোশন

ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত  হৃত্বিক ৰোশন
ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত হৃত্বিক ৰোশন

লাইফ এণ্ড ভেল্যু’কিতাপৰ ‘চেল্ফ কন্ফিডেন্স’ৰ বেষ্ট চেপ্টাৰ হিচাপে বলীউদৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশনৰ কাহিনী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীক পঢ়োওৱা হৈছে।অভিনেতা হৃত্বিক ৰোশন এতিয়া বলীউদৰ তাৰকা সকলৰ মাজৰ এজন। কিন্তু এটা সময় আছিল যেতিয়া হৃত্বিক ৰোশনৰ কথা কওতে সমস্যা হৈছিল।কিন্তু এই সমস্যাৰ পৰা অভিনেতাজনে যিদৰে মুক্তিলাভ কৰিলে, সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক।এতিয়া হৃত্বিক ৰোশনৰ এই কাহিনী বহু শিশুৰ বাবেও হৈ পৰিছে প্ৰেৰণাদায়ক। অভিনেতা জনৰ কাহিনী এতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীক পঢ়োওৱা হৈছে। যি ছাত্ৰ–ছাত্ৰীৰ আত্ম বিশ্বাস বৃদ্ধি কৰাৰ লগতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰেৰণা যোগাইছে। তামিল নাডুৰ  শিক্ষা বৰ্ডে অন্তৰ্ভুক্ত কৰিছে অভিনেতাজনৰ কাহিনী।অভিনেতা জনে নিজেও এই কথা স্বীকাৰ কৰিছিল যে, সৰুতে 'stammering'ৰ সমস্যা আছিল। যাৰ পৰা পৰিত্ৰান পাবলৈ হৃত্বিকে যথেষ্ঠ কষ্ট কৰিবলগীয়া হৈছিল।