বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱলৈ অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নৰ আজীৱন সাংবাদিকতা বঁটা :

বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱলৈ অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নৰ আজীৱন সাংবাদিকতা বঁটা :
Aiidesh Photo

Aiidesh News : 24 April - 2026 :

অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নে বোকাখাত বিশিষ্ট সমাজকৰ্মী আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱালৈ আগ বঢ়াইছে "আজীৱন সাংবাদিকতা বঁটা । সাংবাদিক সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশনত অহা ১৭ মে'ত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’ছাইটিৰ প্ৰেক্ষাগৃহত প্ৰদান কৰিব এই বঁটা। বোকাখাতৰ পৰা সাংবাদিকতা কৰি  ৰাজ্যিক পৰ্যায়ৰ সাংবাদিক সংগঠনক নেতৃত্ব দিবলৈ সক্ষম হোৱা জিতু শৰ্মা ৰাজখোৱালৈ আজীৱন সাংবাদিকতা বঁটা আগবঢ়োৱা খবৰৰ পিচত বোকাখাতৰ বিভিন্ন দল সংগঠনে জিতু শৰ্মা ৰাজখোৱাক শুভেচ্ছা জেঞাপন কৰিছে । অসমীয়া প্ৰতিদিন কাকতৰ বোকাখাতৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত "ৰাইজৰ খবৰ"ৰ মুখ্য সম্পাদক ৰূপে অবৈতনিক ভাৱে সেৱা আগবঢ়াই আহিছে । উল্লেখ্যে জিতু শৰ্মাৰ উপৰিও অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নে ‘প্ৰকৃতি আৰু জীৱজগত দৰদী বঁটা’ সৰুপথাৰৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ প্ৰাপ্তি বৰঠাকুৰক আৰু ‘সাংবাদিকতা আৰু শ্ৰেষ্ঠ সংগঠক বঁটা" গোলাঘাটক জ্যেষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ বিশিষ্ট সংগঠক আৰু গোলাঘাট প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞালৈ আগবঢ়াইছে । বোকাখাত মহকুমা সাংবাদিক সংস্থাই তিনিওগৰাকী বঁটা প্ৰাপকলৈ অভিনন্দন জ্ঞাপন কৰিছে ।

*********