বোকাখাতত সমুহ সাংবাদিক আৰু মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন :

বোকাখাতত সমুহ সাংবাদিক আৰু মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন  :
Aiidesh Photo

Aiidesh News : 16 November  2023  :

দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে ১৬ নবেম্বৰত বোকাখাত মহকুমাতো মহকুমা প্ৰশাসনৰ উদ্যোগত, মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় আৰু  বোকাখাত মহকুমাৰ সমূহ সাংবাদিকৰ সহযোগিতাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস,২০২৩ উদযাপন কৰা হয় ।

বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসুচীৰ আঁত ধৰে বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত জ্ঞাত-অজ্ঞাত সংবাদকৰ্মী সকলৰ আত্মাৰ শান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । পৰৱৰ্তী সময়ত বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া শ্নীৰা ৰায়ে আদৰণি ভাষণ আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত  নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা আৰু ডঃ বাবুলাল মোৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বৰ্ষৰ মুল বিষয় "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম"ৰ ওপৰত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে ।  জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই কৃত্ৰিম বুদ্ধিমত্তা আৰু সংবাদ মাধ্যমত ইয়াৰ ব্যৱহাৰৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে সবিস্তাৰে আলোচনা কৰে ৷

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই অনুষ্ঠানত বোকাখাত মহকুমাৰ সহকাৰী আয়ুক্ত দিপ্তীমণি টায়ে আৰু  বোকাখাতৰ উপ-পঞ্জীয়ক শ্ৰীজিত বসুমতাৰীৰ লগতে বোকাখাতৰ সমুহ সাংবাদিকৰ উপৰিও   বোকাখাতৰ তথ্য আৰু জনসংযোগ বিভাগ আৰু মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকলো উপস্থিত থাকে ৷

*******