কাজিৰঙাৰ জৈৱতন্ত্ৰৰ নতুন সংযোজন ভাৰতীয় ঘৰিয়াল : ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্ৰহ্মপুত্ৰত তৃতীয়বাৰৰ বাবে দেখা পোৱা গৈছে ঘৰিয়াল :
Aiidesh News : 23 February :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজনৰ ব্ৰহ্মপুত্ৰত তৃতীয় বাৰৰ বাবে ভাৰতীয় ঘৰিয়াল প্ৰত্যক্ষ কৰা বুলি সদৰি কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ পুৰ্বে বিশ্ব প্ৰকৃতিনিধি আৰু কাজিৰঙাৰ কৰ্তৃপক্ষই ২০২২ চনত চলোৱা এক সমীক্ষাৰ কালত এই অঞ্চলত প্ৰথম বাৰৰ বাবে ঘৰিয়াল প্ৰত্যক্ষ কৰিছিল অভিযানকাৰী দলটোয়ে আৰু এইয়া আছিল ৭৫ বছৰৰ পিচত ব্ৰহ্মপুত্ৰ নদী ঘৰিয়াল পোৱাৰ প্ৰথম তথ্য ৷
ভাৰতীয় ঘৰিয়াল বা Gavialis gangeticus হৈছে প্ৰৱাহিত জলধাৰাত বাস কৰা পৃথিৱীৰ বিভিন্ন ঘৰিয়াল প্ৰজাতিৰ অন্যতম ৷ ভাৰতীয় ঘৰিয়ালৰ শৰীৰৰ দৈৰ্ঘ্যত ৮ মিটাৰ আৰু ওজন প্ৰায় ১৬০ কিলোগ্ৰাম লৈকে হোৱা দেখা যায় । যোৱা শতিকাত ভাৰতত ইয়াৰ জনসংখ্যা ব্যাপকভাৱে হ্ৰাস পোৱাৰ বাবে, ভাৰতীয় ঘৰিয়ালক ইন্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অফ নেচাৰ বা চমুকৈ আই ইউ চি এন নামৰ সংগঠনটোৰ ৰঙা তথ্য তালিকাৰ অধীনত গুৰুতৰভাৱে বিপদাপন্ন হিচাপে চিন্ক্ত কৰা হৈছে আৰু ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ প্ৰথম অনুসূচী অন্তৰ্ভূক্ত কৰা কৰা হৈছে ।
ভাৰতৰ বহুবোৰ নদীপ্ৰণালীত ভাৰতীয় ঘৰিয়াল বিলুপ্তিৰ পথত বুলি ভবাৰ উপৰিও খুব কম সংখ্যক ঘৰিয়ালহে বাছি থাকিব পাৰে বুলি বিশেষজ্ঞ সকলে অভিমত প্ৰকাশ কৰিছিল ৷ ভাৰতীয় ঘৰিয়ালৰ প্ৰবাহিত নদীত সচৰাচৰ দেখাযায় যদিও ঋতুভেদে সাময়িক প্ৰবজনো দেখিবলৈ পোৱা যায় ৷ভাৰতীয় ঘৰিয়ালৰ মতা বোৰৰ ডিঘল নাকৰ আগতে টেমুনা দেখিবলৈ পোৱা যায় ৷ হিন্দীত মাটিৰ পাত্ৰ ঘৰা দৰে দেখা যায় বাবে এই প্ৰাণীটোক ঘৰিয়াল বোলা হয় বুলি বহুজনে মন্তব্য কৰে ৷ ভাৰতীয় ঘৰিয়ালে পানীতেই থাকি ভালপায় যদিও কাৎচিতহে মাটিলৈ অহা দেখা যায় ৷
বিভাগীয় তথ্য মতে জৰীপ ভাৰতৰ ঘৰিয়ালৰ বেছিভাগেই ৰাষ্ট্ৰীয় চম্বল অভয়াৰণ্যত পোৱা যায় ৷ ইয়াত ভাৰতীয় ঘৰিয়ালৰ মুঠ জনসংখ্যাৰ ৭৭ শতাংশ পোৱা যায় ৷ ঘৰিয়াল পোৱা ভাৰতৰ বাকী স্থানবোৰ হ'ল উত্তৰ প্ৰদেশৰ কাটাৰ্নিয়াঘাট বন্যপ্ৰাণী অভয়াৰণ্য, ভাৰত-নেপাল সীমান্তৰ গান্দক নদী, কৰবেট ৰাষ্ট্ৰীয় উদ্যান, সোন নদী, মহানদী আৰু হস্তিনাপুৰ অভয়াৰণ্য । ইয়াৰ উপৰিও, কেন নদী, যমুনা নদী, ব্ৰহ্মপুত্ৰ নদী, ঘাঘাৰা নদী আৰু ভাগীৰথী হুগলী নদীত সম্ভৱতঃ কেইটামান ঘৰিয়াল থাকিব পাৰে বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে ৷ ১৯৫০ ৰ দশকত উত্তৰ পুৰ্বাঞ্চলৰ ষোল্লখন নদীৰ সাম্ভাৱ্য বাসস্থানৰ পৰা ঘৰিয়ালৰ বিলুপ্ত হোৱা বুলি বিভাগীয় তথ্যত প্ৰকাশ ৷
ইয়াৰ বিপৰীতে এই বছৰৰ ১৬ৰ পৰা ২৫ জানুৱাৰীলৈকে ব্ৰহ্মপুত্ৰৰ ১৬০ কিলোমিটাৰৰ প্ৰসাৰিত অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু টি এছ এ ফাউণ্ডেচন ইণ্ডিয়াৰ দ্বাৰা এক সমীক্ষা চলোৱা হৈছিল । মাজুলীৰ পৰা কলিয়াভোমোৰা দলং আৰু তেজপুৰলৈকে বিস্তাৰিত এই অঞ্চলত সমীক্ষাকাৰী দলটোৱে নদীৰ গভীৰতা, সুঁতিৰ প্ৰসাৰতা, পানীৰ সোঁত, উদ্ভিদৰ আৱৰণ আৰু পৰিসৰ, আদিৰ দৰে মাপকাঠি ব্যৱহাৰ কৰি জলজ সৰীসৃপৰ বাবে বাসস্থানৰ উপযুক্ততা মূল্যায়ন কৰিছিল । এই দলটোয়ে উল্লেখিত অঞ্চলটোত তৃতীয় বাৰৰ বাৰে এজনী মাইকী ঘৰিয়ালৰ তথ্য লাভ কৰে ।
ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথৰ সমীপৰ প্ৰসাৰিত অঞ্চলত যোৱা বিশ্ব প্ৰকৃতিৰ অভিযানকাৰী দলে প্ৰথমবাৰৰ বাবে ঘৰিয়ালৰ তথ্য লাভ কৰাৰ পিচত ব্ৰহ্মপুত্ৰত তৃতীয় বাৰ ঘৰিয়াল প্ৰত্যক্ষ কৰাতো বিশেষ উল্লেখনীয় ৷ এই তথ্যই ব্ৰহ্মপুত্ৰত ঘৰিয়ালৰ উপস্থিতি নিশ্চিত কৰিছে ৷ ৭৫ বছৰৰ পিচত এইয়া ব্ৰহ্মপুত্ৰৰ জৈৱতন্ত্ৰত ঘৰিয়ালৰ নিশ্চত পস্থিতি বুলি মন্তব্য কৰিছে বিশেষজ্ঞৰ দলে ৷
**********
                        


                    
                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
