২০২২ চনৰ কাটাৰ বিশ্বকাপ ফুটবলৰ সূচী ঘোষণা ফিফাৰ

২০২২ চনত কাটাৰত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ সূচী ঘোষণা কৰিলে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ ফিফাৰ এই সন্মানীয় প্রতিযোগিতাখন ২১ নৱেম্বৰৰ পৰা আৰম্ভ হব৷ আল বেইড ষ্টেডিয়ামত স্থানীয় সময় অনুসৰি দিনৰ ১ বজাত অনুষ্ঠিত হব লগীয়া উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা কৰিব আয়োজক কাটাৰে৷

বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ গ্রুপ পর্যায়ত প্রতিদিনে চাৰিখনকৈ খেল অনুষ্ঠিত হ’ব৷ স্থানীয় সময় অনুসৰি প্রথমখন খেল দিনৰ ১ বজাত আৰম্ভ হোৱাৰ বিপৰীতে চতুর্থ তথা অন্তিমখন মেচ নিশা ১০ বজাত অনুষ্ঠিত হ’ব বুলি ফিফাই সদৰী কৰিছে৷ ইপিনে, দ্বিতীয় আৰু তৃতীয়খন মেচ বিয়লি ৪ বজাত আৰু সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব৷ আনহাতে, গ্রুপ পর্যায়ৰ অন্তিম ৰাউণ্ডৰ খেল আৰু নকআউট পর্যায়ৰ খেলসমূহ সন্ধিয়া ৬ বজাত আৰু নিশা ১০ বজাত অনুষ্ঠিত হ’ব৷ এছিয়ান গেমছ অনুষ্ঠিত হোৱা খালিফা আন্তর্জাতিক ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্র