মাজুলীত পৰিভ্ৰমী পক্ষীৰ মৃত্যুৰ ঘটনাৰ পিচত নিষিদ্ধ কীটনাশক ম’ন’ক্ৰটফচৰ ব্যৱহাৰকলৈ ৰাজ্যৰ কৃষি বিভাগৰ জৰুৰী নিৰ্দেশ :

মাজুলীত পৰিভ্ৰমী পক্ষীৰ মৃত্যুৰ ঘটনাৰ পিচত নিষিদ্ধ কীটনাশক ম’ন’ক্ৰটফচৰ ব্যৱহাৰকলৈ ৰাজ্যৰ কৃষি বিভাগৰ জৰুৰী নিৰ্দেশ :
Aiidesh Photo

Aiidesh News : 15 February 2024 : 

কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাৰ জৰিয়তে কৃষিক্ষেত্ৰত বিশেষকৈ শাক-পাচলিত ব্যৱহাৰৰ ক্ষেত্ৰত নিষিদ্ধ কৰাৰ পিচত ৰাজ্যৰ চাহ খেতি আৰু খেতি পথাৰত ম’ন’ক্ৰটফচ নামৰ কীটনাশকবিধ দৰৱ বিক্ৰেতাই শাক-পাচলি বা চাহ খেতিত ব্যৱহাৰৰ বাবে বিক্ৰী কৰি আহিছে ৷

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ২০১৩ চনতেই দেশৰ কৃষি ক্ষেত্ৰত ব্যৱহৃত কেতবোৰ কীটনাশকৰ অপকাৰিতা বিশ্লেষণৰ বাবে এখন বিশেষজ্ঞ কমিতি গঠন কৰিছিল ৷ এই সমিতিয়ে অধ্যয়নৰ পিচত ২০২০ চনত কৃষি কাৰ্যত ব্যৱহৃত ২৭ বিধ কীটনাশকৰ ব্যৱহাৰ কৃষি কাৰ্য ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞাৰ পৰামৰ্শ দিছিল ৷ ইয়াৰ পিচতেই  ২০২৩ চনত কেন্দ্ৰীয় চৰকাৰৰ কৃষিমন্ত্ৰালয়ে এই ২৭ বিধ কীটনাশক ভাৰতত নিষিদ্ধ কৰিছিল ৷ ইয়াৰ ভিতৰত  ম’ন’ক্ৰটফচ নামৰ কীটনাশক বিধ অন্যতম ৷ উল্লখ্য যে আৰ্জেন্টিনাত ম'ন'ক্ৰটফচ নামৰ কীট নাশকৰ বাবে বহু সংখ্যক চোৱাইচন হক নামৰ চৰাই বিধৰ মৃত্যু হৈছিল ৷ শেষতীয়াকৈ মাজুলীত অগনন পৰিভ্ৰমি পক্ষীৰ মৃত্যুৰ বাবে এই ম'ন’ক্ৰটফচ নামৰ কীটনাশকৰ ব্যৱহাৰ বুলি সন্দেহ কৰাৰ পিচত তৎপৰ হৈ উঠিছে ৰাজ্যৰ কৃষি বিভাগ ৷ মনকৰিব লগীয়া যে ব্ৰহ্মপুত্ৰ উপত্যকালৈ শীতকালত অহা ধৃতৰাজ চৰাই মুলত তৃৰ্ণভোজী হোৱাৰ বাবে কাটনাশকৰ সহজে চিকাৰ হয় ৷

মাজুলীৰ ঘটনাৰ পিচতেই ৰাজ্যৰ প্ৰতিখন জিলাৰ কৃষি বিষয়াসকললৈ ম'ন’ক্ৰটফচ নামৰ কীটনাশকৰ ব্যৱহাৰ বন্ধ কৰিবৰ বাবে কৃষকৰ মাজত সজাগতা সৃষ্টিৰ লগতে শাক-পাচলি আৰু চাহ খেতিত এই কীটনাশক ব্যৱসায় আৰু ব্যৱহাৰৰ ক্ষেত্ৰত চোকা নজৰ ৰাখিবলৈ কৃষি বিভাগৰ তৰফৰপৰা নিৰ্দেশাৱলী প্ৰেৰণ কৰা হৈছে । জনস্বাস্থ্য আৰু পৰিৱেশ আৰু প্ৰাণীকুলৰ  প্ৰতি ভাবুকিস্বৰূপ এই কীটনাশক বিধ কৃষি কাৰ্য আৰু চাহ খেতিত যাতে প্ৰয়োগ কৰা নহয় সেই দিশত কৃষি বিভাগে কৃষক ৰাইজৰ সহযোগিতা কামনা কৰিছে । এই কীটনাশকবিধ কৃষি কাৰ্যত বা চাহ খেতিত প্ৰয়োগ কৰি থকাৰ সন্দৰ্ভত কিবা তথ্য থাকিলে শীঘ্ৰেই সমীপৱৰ্তী কৃষি বিষয়াৰ কাৰ্যালয়ত অৱগত কৰিবলৈও আহ্বান জনাইছে ৰাজ্যৰ কৃষি বিভাগে ।

*********