ইতিহাসৰ পাতত আজিৰ দিনটো

ইতিহাসৰ পাতত আজিৰ দিনটো
আজিৰ দিনটো

৮ মে গ্রেগৰীয় বর্ষপঞ্জী অনুসৰি বছৰৰ ১২৮সংখ্যক (অধিবৰ্যত ১২৯তম) দিন। বছৰ শেষ হবলৈ আৰু ২৩৭ দিন বাকি আছে।

আজি -বিশ্ব ৰেডক্রছ দিবস।

(ৱর্ল্ড ৰেড ক্রছ আৰু ৰেড ক্রিছেন্ট দিবস- আন্তর্জাতিক ৰেড ক্রছ আৰু ৰেড ক্রিছেন্ট আন্দোলনৰ নীতিবোৰৰ এক বার্ষিক উদযাপন। প্রতি বছৰে আজিৰ দিনটোত উদয়াপন কৰা হয়।আজিৰ দিনটোতে  হেনৰি ডুনান্টৰ জন্ম হৈছিল । তেওঁ ৰেড ক্রছৰ আন্তর্জাতিক কমিটিৰ (আইছিআৰছি) প্রতিষ্ঠাতা আৰু প্রথম নোবেল শান্তি পুৰষ্কাৰ লাভ কৰিছিল)

বিশ্ব থেলাছমিয়া দিবস

সিদ্ধান্ত আৰু নীতি নির্ধাৰণ, স্বাস্থ্যসেবা পেশাদাৰীত্ব, ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ তথা  সম্প্রদায়ৰ থেলাছেমিয়া সম্পর্কত বৃহত জনগণৰ মাজত  সচেতনতা বঢ়াবলৈ প্রতি বছৰৰ আজি দিনটোত আন্তর্জাতিক থেলাছমিয়া দিবস পালন কৰা দয়।

-১৭৩৭ - এডৱার্ড গিবন, ইংৰাজ ইতিহাসবিদ আৰু ইংৰাজ সংসদ সদস্যৰ জন্ম (মৃ. ১৭৯৪)

-১৭৫৩ - মিগাল হাইদালগো ইয়ে কছটিল্লা, মেক্সিকান ৰোমান কেথলিক পুৰোহিত আৰু মেক্সিকান স্বাধীনতা যুদ্ধৰ এজন নেতাৰ জন্ম হয়। (মৃ. ১৮১১

-১৮৬১ - কলকাতাৰ জোড়াসাঁকোত বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ জন্ম।