ভাৰতৰ ৩২ টা প্ৰজাতিৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে ১৭ টা প্ৰজাতিৰ কাছৰ : কাছৰ সমীক্ষাৰ বিভাগীয় প্ৰতিবেদন প্ৰকাশ :
Aiidesh News : 30 January - 2026 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে ভাৰতীয় কাছ সংৰক্ষণ প্ৰকল্পৰ সহযোগত, জলজ সৰীসৃপৰ বৈজ্ঞানিক মূল্যায়ন কৰিবলৈ ব্ৰহ্মপুত্ৰ নদীত একেৰাহে পঞ্চম বাৰ্ষিক জৰীপ অলপতে সম্পুৰ্ণ কৰে । উদেশ্য আছিল সজীৱ পানীৰ কাছৰ স্থিতি আৰু বিজ্ঞানসন্মত সংৰক্ষণ পদক্ষেপ গ্ৰহনৰ বাবে অধ্যয়ন কৰা । চলিত বৰ্ষৰ ১৪ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ চলিত বৰ্ষৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে ভাৰতীয় কাছ সংৰক্ষণ কাৰ্যসূচীৰ যুটীয়া জৰীপ প্ৰতিবেদন যোৱা ২৪ জানুৱাৰীত কঁহৰাত অনুষ্ঠিত এক অনুষ্ঠানত বন বিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক বিনয় গুপ্তাই উন্মোচন কৰে । এই প্ৰতিবেদন অনুসৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰসাৰিত অঞ্চলত সাতটা প্ৰজাতিৰ ৯৪৫ টা সতেজ পানীৰ কাছ পোৱা হয় । ইয়াৰে ৮৭৬ টা ডাঠ চলংৰ আৰু ৬৯ টা কোমল চলংৰ কাছ বুলি নথিভুক্ত কৰা হৈছে । প্ৰকাশিত প্ৰতিবেদনৰ মতে ব্ৰহ্মপুত্ৰ নদী ৰাজ্যৰ অন্যতম জৈৱ বৈচিত্ৰ্য সমৃদ্ধশীল অঞ্চল আৰু বিভিন্ন প্ৰজাতি কাছৰ আদৰ্শ আৱাস । কাছৰ উপৰিও বহুবোৰ বিৰল প্ৰজাতিৰ জলচৰ প্ৰাণীৰো ই গুৰুত্বপূৰ্ণ আৱাস হিচাবে স্বীকৃত । ভাৰতত পোৱা কাছৰ ৩২ টা প্ৰজাতিৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাধীন এই নদীপৰীয়া অঞ্চলতেই ১৭ টা প্ৰজাতিৰ কাছ পোৱা গৈছে ।
কাছৰ উপৰিও প্ৰকাশিত কাছৰ জৰীপ প্ৰতিবেদত ৯২ টা প্ৰজাতিৰ চৰাই, লগতে মসৃণ ছালৰ উদ , শিহু আৰু কাজিৰঙাৰ ঢেকীয়াপতীয়া বাঘ, গঁড়, হাতী, জলাহভূমি হৰিণ আৰু বনৰীয়া ম'হ । উল্লেখিত সময়চোৱাত ব্ৰহ্মপুত্ৰত চলোৱা অধ্যয়নত প্ৰজাতিৰ বৈচিত্ৰ্য, বাসস্থানৰ মানদণ্ড আৰু বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ পাঁচটা সংৰক্ষণ বাসস্থানো চিনাক্ত কৰে । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে ভাৰতীয় কাছ সংৰক্ষণ কাৰ্যসূচীৰ সহযোগত চলোৱা এই যুটীয়া প্ৰকল্পটোৱে বছৰি এই জৰীপ চলাই আহিছে বুলি জানিবলৈ দিয়ে প্ৰকল্পটোৰ সমন্বয়ক সুস্মিতা কৰে ।
**********







